অসম

assam

ETV Bharat / state

চাৰিখন বাইকসহ আটক কুখ্য়াত চোৰ - HAILAKANDI MATIJJURI NEWS

মাটিজুৰি অঞ্চলত হাইলাকান্দি আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক কুলেন্দ নাথ ডেকা আৰু হাইলাকান্দি সদৰ থানাৰ আৰক্ষী বিষয়া প্ৰণৱ শইকীয়াই যুটীয়া অভিযান চলাই কুখ্যাত বাইক চোৰ আবিদ উদ্দিনক আটক কৰে  ৷

THEFT BIKE RECOVER
চাৰিখন বাইকসহ আটক কুখ্য়াত চোৰ

By

Published : Jul 20, 2020, 3:37 PM IST

Updated : Jul 20, 2020, 8:04 PM IST

হাইলাকান্দি, 20 জুলাইঃ হাইলাকান্দি আৰক্ষীৰ বৃহৎ সফলতা ৷ গোপন সূত্ৰৰ পম খেদি সোমবাৰে হাইলাকান্দি আৰক্ষীয়ে আটক কৰে এজন কুখ্যাত গাড়ী চোৰক ৷ ঘটনা সন্দৰ্ভত তথ্য অনুসৰি, জিলাখনৰ অন্তৰ্গত মাটিজুৰি অঞ্চলত হাইলাকান্দি আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক কুলেন্দ নাথ ডেকা আৰু হাইলাকান্দি সদৰ থানাৰ আৰক্ষী বিষয়া প্ৰণৱ শইকীয়াই যুটীয়া অভিযান চলাই কুখ্যাত বাইক চোৰ আবিদ উদ্দিনক আটক কৰে ৷

লগতে পঢ়কঃবান বিভীষিকা: ৰাজ্যত বানৰ কবলত পৰি মৃত্য়ু 84 গৰাকীৰ

ইয়াৰোপৰি চোৰজনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে চাৰিখনকৈ বাইক ৷ কুখ্যাত বাইক চোৰ আবিদ উদ্দিনৰ ওপৰত কেবাটাও গাড়ী চুৰিৰ গোচৰ থকা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আবিদ উদ্দিনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি হাইলাকান্দি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Last Updated : Jul 20, 2020, 8:04 PM IST

ABOUT THE AUTHOR

...view details