হাইলাকান্দিত ডকাইত আটক - hailakandi
হাইলাকন্দি আৰক্ষীৰ জালত পৰিল আন এটা দুৰ্ধৰ্ষ ডকাইত । ৬ এপ্ৰিলত মোহনপুৰৰ ব্যৱসায়ী কাইদুল আলম লস্কৰৰ ঘৰত সংঘটিত ডকাইতিৰ ঘটনাত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।

হাইলাকান্দি, ১৯ জুলাই : হাইলাকান্দি আৰক্ষীৰ হাতত আটক আবাদুৰ ৰহমান বৰভূঞা নামৰ এটা দুৰ্ধৰ্ষ ডকাইত । উল্লেখযোগ্য যে, যোৱা ৬ এপ্ৰিলত হাইলাকান্দি জিলাৰ আলগাপুৰৰ মোহনপুৰ এলেকাৰ কাইদুল আলম বৰভূঞাৰ ঘৰত সংঘটিত হৈছিল এক ভয়াৱহ ডকাইতিৰ ঘটনা । এটা অস্ত্ৰ সহিতে এটা ডকাইতৰ দলে ব্যৱসায়ী কাইদুল আলমৰ ঘৰৰ পৰা সোণৰ আ-অলংকাৰৰ লগতে প্ৰায় ৩০ লাখ নগদ টকা ডকাইতি কৰি লৈ গৈছিল । গৰাকীৰ মূৰত বন্দুক টোৱাই লুট কৰা হৈছিল এই সমগ্ৰ টকা । পিছত যোৱা ৩ মে’ তাৰিখে কৰিমগঞ্জৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৩টা ডকাইতক । আজি পুৱা মোহনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আন এটা ডকাইত । আৰক্ষীৰ এই সাফল্যত স্থানীয় ৰাইজৰ সন্তোষ প্ৰকাশ ।