হাইলাকান্দি, 27 নৱেম্বৰ :বৃহস্পতিবাৰে নিশা হাইলাকান্দি টেমপুৰ গাঁৱত সংঘটিত হৈছে এক চুৰিকাণ্ড। হাইলাকান্দিৰ এটা মন্দিৰত সংঘটিত হৈছে এই চুৰি কাণ্ড ৷ চোৰে টেমপুৰ গাঁৱৰ শ্মশান কালি মন্দিৰৰ দান পাত্ৰ ভাঙি লুটি নিয়ে।
একেটা মন্দিৰতেই দুবাৰকৈ চোৰে লুটিলে সামগ্ৰী - শাস্তি প্ৰদান কৰাৰ দাবী
হাইলাকান্দিত সংঘটিত হৈছে এটাৰ পিচত আনটো চুৰি কাণ্ড ৷ এটা মন্দিৰৰ পৰাই চোৰে দুবাৰকৈ লুটি নিলে মন্দিৰৰ সা-সামগ্ৰী ৷
একেটা মন্দিৰতেই দুবাৰকৈ চোৰে লুটিলে সামগ্ৰী
উল্লেখ্য যে কিছুদিন পূৰ্বে এই একেই মন্দিৰটোতেই চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছিল ৷ পিছত তেওঁলোকে হাইলাকান্দি সদৰ থানাত এখন গোচৰ ৰুজু কৰিছিল যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ যাৰ বাবে বাৰে বাৰে এনে চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সন্দৰ্ভত সদৰ থানাত এখন গোচৰ ৰুজু কৰিব বুলি জনোৱাৰ লগতে অতি সোনকালে আৰক্ষীৰ দলে উচিত তদন্ত কৰি চোৰৰ দলক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে মন্দিৰ কমিটিৰ কৰ্মকৰ্তা সকলে।
লগতে পঢ়ক:গোৱালপাৰা ১৫২ নং চিআৰপিএফ কেম্পত সংবিধান দিৱস উদযাপন