হাইলাকান্দি, 23 জুলাই : পথ নিৰ্মাণৰ দাবীত হাইলাকান্দি জিলাৰ আলগাপুৰ বিধানসভা সমষ্টিৰ উত্তৰ নাৰাইনপুৰৰ বাবুৰবাজাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । উত্তৰ নাৰাইনপুৰ গাওঁ পঞ্চায়তৰ সভাপতি এম হিফজুৰ ৰহমান লস্কৰৰ নেতৃত্বত পথ মেৰামতৰ দাবীত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । আলগাপুৰৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীৰ নামত মুৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৰাইজে । 15 দিনৰ ভিতৰত পথ মেৰামতি কৰি কাম আৰম্ভ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰে ৷ অন্যথা শিলচৰ বদৰপুৰ ঘাইপথ অৱৰোধৰ হুমকি দিয়ে প্ৰতিবাদী ৰাইজে ।
আলগাপুৰত পথ নিৰ্মাণৰ দাবীৰ ৰাইজৰ প্ৰতিবাদ - সভাপতি এম হিফজুৰ ৰহমান লস্কৰ
পথ নিৰ্মাণৰ দাবীলৈ বৃহস্পতিবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ বিধানসভা সমষ্টিৰ উত্তৰ নাৰাইনপুৰৰ বাবুৰবাজাৰ এলেকাত প্ৰতিবাদ সাব্যস্ত ।

পথ নিৰ্মাণৰ দাবীৰ ৰাইজৰ প্ৰতিবাদ
পথ নিৰ্মাণৰ দাবীৰ ৰাইজৰ প্ৰতিবাদ
স্থানীয় গাওঁ পঞ্চায়ত সভাপতি এম হিফজুৰ ৰহমান লস্কৰে আলগাপুৰৰ বিধানসভা সমষ্টিৰ পথ নিৰ্মাণৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি হৈছে বুলিও উল্লেখ কৰে । দুৰ্নীতিৰ চিবিআই তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে হিফজুৰ ৰহমান লস্কৰে ।
লগতে পঢ়কঃ২৫ নং পৰিষদীয় সমষ্টিত উপস্থিত প্ৰাৰ্থী কাতিৰাম বড়ো