অসম

assam

ETV Bharat / state

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে হাইলাকান্দিত টেট শিক্ষকৰ প্ৰতিবাদ - হাইলাকান্দি

শিক্ষামন্ত্ৰীয়ে টেট শিক্ষক সকলক ড্ৰাইভাৰৰ লগত তুলনা কৰা কাৰ্যক তীব্ৰ গৰিহণা দি শিক্ষকতাৰ দৰে এক পবিত্ৰ পেছাক অসন্মান কৰিছে বুলি মন্তব্য টেট শিক্ষক সংস্থাৰ কৰ্মীসকলৰ ৷ অসন্মানজনক মন্তব্য প্ৰত্যাহাৰ কৰি টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী শিক্ষক সংস্থাৰ ৷

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে হাইলাকান্দিত ওলাই আহিল টেট শিক্ষক

By

Published : Jun 17, 2019, 3:18 PM IST

হাইলাকান্দি, 17 জুনঃ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচার্যৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হাইলাকান্দিৰ টেট শিক্ষক । শিক্ষামন্ত্ৰীয়ে টেট শিক্ষকসকলক ড্ৰাইভাৰৰ লগত তুলনা কৰা কাৰ্যক তীব্ৰ গৰিহণা দি শিক্ষকতাৰ দৰে এক পবিত্ৰ বৃত্তিক অসন্মান কৰিছে বুলিও মন্তব্য কৰে টেট শিক্ষক সংস্থাৰ কৰ্মীসকলে ।

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে হাইলাকান্দিত ওলাই আহিল টেট শিক্ষক

অহা 18 জুনত হাইলাকান্দিৰ টেট শিক্ষকসকলে শিক্ষা খণ্ডৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে ৷ তেওঁলোকৰ দাবী টেট শিক্ষকসকলৰ প্ৰতি শিক্ষামন্ত্ৰীয়ে কৰা অসন্মানজনক মন্তব্য প্ৰত্যাহাৰ কৰি টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা উচিত ৷ লগতে অহা 29 জুনত গুৱাহাটীত টেট শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

আৰু পঢ়কঃ 41 হাজাৰ টেট শিক্ষকে কঁপাব ৰাজপথ !

ABOUT THE AUTHOR

...view details