অসম

assam

ETV Bharat / state

হাইলাকান্দিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ - প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত হাইলাকান্দি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮,৭০০ টকাৰ গ্ৰেড পে' শীঘ্ৰে ঘূৰাই দিয়াৰ দাবী জনায় ৷

TEACHERS PROTEST AT HAILAKANDI
হাইলাকান্দিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ

By

Published : Feb 20, 2021, 10:58 PM IST

হাইলাকান্দি, 20 ফেব্ৰুৱাৰী :প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ স্থায়ীকৰণ কৰা লগতে গ্ৰেড পে ঘূৰাই দিয়াৰ দাবীত শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে হাইলাকান্দি জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত শিক্ষক শিক্ষয়িত্ৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি চৌদিশ উত্তাল কৰি তোলে । অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত হাইলাকান্দি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮,৭০০ টকাৰ গ্ৰেড পে' শীঘ্ৰে ঘূৰাই দিয়াৰ দাবী জনায় ৷ চৰকাৰে শীঘ্ৰে তেওঁলোকৰ দাবী পূৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

ABOUT THE AUTHOR

...view details