অসম

assam

By

Published : Jun 8, 2019, 9:59 PM IST

ETV Bharat / state

অপহৰণকাৰীৰ ৰূপত জ্ঞানৰ পোহৰ বিলোৱা শিক্ষক

হাইলাকান্দি জিলাৰ লালা আৰক্ষী থানাৰ অন্তৰ্গত কোহিনুৰ আদৰ্শ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক নিজ শিক্ষকেই অপহৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্ত শিক্ষক সুৰজ নাথক কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই স্থানীয় ছাত্ৰ সংগঠন তথা স্কুলীয়া ছাত্ৰ - ছাত্ৰীয়ে ।

অপহৰণকাৰীৰ ৰূপত শিক্ষক : স্কুলীয়া ছাত্ৰ - ছাত্ৰী তথা দল - সংগঠনৰ প্ৰতিবাদ

হাইলাকান্দি, ৮ জুন : হাইলাকান্দিত এগৰাকী শিক্ষকে ঈদৰ আনন্দৰ মাজতে অপহৰণ কৰিলে নিজ বিদ্যালয়ৰে এগৰাকী ছাত্ৰীক । এই কাণ্ড সংঘটিত হৈছে হাইলাকান্দি জিলাৰ লালা আৰক্ষী থানাৰ অধীনৰ ৰাজেশ্বৰপুৰ গাঁৱৰ কোহিনুৰ আদৰ্শ বিদ্যালয় নামৰ এখন বেচৰকাৰী বিদ্যালয়ত । ঈদৰ নামাজৰ পাছৰ পৰাই নাবালিকা ছাত্ৰী গৰাকী নিখোজ হৈ থকাৰ লগতে পলাতক অৱস্থাত আছে অভিযুক্ত শিক্ষক সুৰজ নাথ । ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক তথা স্থানীয় দল - সংগঠনে অভিযোগ উত্থাপন কৰা অনুসৰি শিক্ষকজনে বুদ্ধি কৰি অপহৰণ কৰি নিছে ছাত্ৰী গৰাকীক ।

অপহৰণকাৰীৰ ৰূপত শিক্ষক : স্কুলীয়া ছাত্ৰ - ছাত্ৰী তথা দল - সংগঠনৰ প্ৰতিবাদ

শনিবাৰে ছাত্ৰীগৰাকীক অক্ষতভাৱে উদ্ধাৰৰ দাবীত স্থানীয় ছাত্ৰ সংগঠন সমূহৰ নেতৃত্বত স্কুলীয়া ছাত্ৰ - ছাত্ৰীয়ে এক প্ৰতিবাদী সমদল উলিওৱাৰ লগতে লালা থানা ঘেৰাও কৰে ।

ABOUT THE AUTHOR

...view details