অসম

assam

ETV Bharat / state

স্বাস্থ্যকৰ্মীয়ে পোহৰলৈ আনিছে চিকিৎসালয়ৰ ক'লা অধ্যায়

হাইলাকান্দি চিকিৎসালয়ত ৰোগীক নিশাই ৰন্ধা খাদ্য খাবলৈ দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷ স্বাস্থ্য কৰ্মী এগৰাকীয়ে এই অভিযোগ প্ৰদান কৰিছে ৰন্ধন কৰ্মীৰ বিৰুদ্ধে ৷ অনতিপলমে তদন্তৰ দাবী জনাইছে স্বাস্থ্যকৰ্মী গৰাকীয়ে ৷

SK ROY CIVIL HOSPITAL IN HAILAKANDI
স্বাস্থ্যকৰ্মীয়ে পোহৰলৈ আনিছে চিকিৎসালয়ৰ কলা অধ্যায়

By

Published : May 13, 2020, 5:26 PM IST

হাইলাকান্দি, 13 মে' : যি সময়ত কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে স্বাস্থ্য বিভাগ প্ৰতিটো সময়তে সষ্টম হৈ উঠিছে সেই সময়তে হাইলাকান্দি চিকিৎসালয়ত ৰোগীক ৰাতি প্ৰস্তুত কৰা খাদ্য খাবলৈ দিয়াৰ এক ভয়ংকৰ অধ্যায় পোহৰলৈ আহিছে ৷

তথ্য অনুসৰি, হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক চিকিৎসালয়খনৰ এগৰাকী স্বাস্থ্য কৰ্মীয়ে পোহৰলৈ আনিছে এই তথ্য ৷ বুধবাৰে দিনৰ 1 বজাত নিশাই ৰন্ধা খাদ্য সামগ্ৰী খাবলৈ দিয়া হয় ৰোগী সকলক ৷

ৰন্ধন কৰ্মী নিলকান্ত দাসে বহু দিনৰ পৰা এই কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ উখাপন কৰিছে স্বাস্থ্য কৰ্মী জয়দেৱ সিন্হাই ৷

স্বাস্থ্যকৰ্মীয়ে পোহৰলৈ আনিছে চিকিৎসালয়ৰ কলা অধ্যায়

আনহাতে, চিকিৎসালয়খনৰ খাদ্য সামগ্ৰী সমূহ ৰন্ধন কৰ্মী গৰাকীয়ে নিজ ঘৰলৈ লৈ যোৱা বুলিও অভিযোগ কৰিছে স্বাস্থ্যকৰ্মী জয়দেৱ সিন্হাই ৷

লগতে পঢ়ক : নাৰ্চ সকলক ব্যতিক্ৰমী সম্বৰ্ধনা চেলেংহাট হেল্থ ক্লাৱৰ

ABOUT THE AUTHOR

...view details