অসম

assam

ETV Bharat / state

ক্ৰমাৎ স্বাভাৱিক হৈছে হাইলাকান্দিৰ পৰিস্থিতি

বৰাক উপত্যকাত পুনৰ আৰম্ভ হৈছে স্বাভাৱিক জীৱন-যাত্ৰা ৷ ইণ্টাৰনেটৰ লগতে বেংক, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়কে ধৰি সকলো প্ৰকাৰৰ জৰুৰীকালীন সেৱা আৰম্ভ কৰা হৈছে ৷

ক্ৰমাৎ স্বাভাৱিক হৈছে হাইলাকান্দিৰ পৰিস্থিতি

By

Published : May 14, 2019, 6:08 PM IST

হাইলাকান্দি,14 মে': ক্ৰমাৎ স্বাভাবিক হৈছে হাইলাকান্দি। মঙলবাৰ পুৱা ৬.১৪ মিনিটৰ পৰা বৰাক উপত্যকাত পুনৰ আৰম্ভ হয় ইণ্টাৰনেট সেৱা। ইণ্টাৰনেটৰ লগতে বেংক, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়কে ধৰি সকলো প্ৰকাৰৰ জৰুৰীকালীন সেৱাও পুনৰ মুকলি কৰা হয় ।

ক্ৰমাৎ স্বাভাৱিক হৈছে হাইলাকান্দিৰ পৰিস্থিতি

মঙলবাৰৰ পৰা অসম বিশ্ববিদ্যালয়কে ধৰি কেইবাটাও অনুষ্ঠানৰ পৰীক্ষা থকাৰ বাবে পুৱা ৭ বজাৰ পৰা নিশা ১২ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন। সমগ্ৰ পৰিস্থিতিক লৈ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে হাইলাকান্দি ৰাইজক শান্তি সম্প্ৰীতি বজায় ৰখাৰো আহ্বান জনায়।

ABOUT THE AUTHOR

...view details