হাইলাকান্দি, 22 মাৰ্চঃপৰিবৰ্তনৰ প্ৰতিশ্ৰুতি অথবা সূতা কম্বল নহয়৷ ভোটাৰক আকৰ্ষণ কৰিবলৈ এইবাৰ বিশেষ প্ৰন্থা৷। হোলী খেলি, সেন্দুৰ আৰু খাৰু বিলাই ভোটাৰক ভোট দিবলৈ আহ্বান জনালেহাইলাকান্দিৰ জিলা উপায়ুক্তই ৷
হাতত খাৰু, সেন্দুৰ লৈ কি কৰিছে উপায়ুক্তই! - উপায়ুক্ত
হাইলাকান্দিত এতিয়া চৰ্চাৰ বিষয় জিলা উপায়ুক্ত কীৰ্তি জল্লি
অভিনৱ পদ্ধতিত ভোটৰক আকৰ্ষণৰ প্ৰয়াস হাইলাকান্দি প্ৰশাসনৰ
উপায়ুক্ত গৰাকীয়ে শুকুৰবাৰে জিলা খনৰ বিভিন্ন গাঁৱত উপস্থিত হৈ সাধাৰণ ভোটাৰ ৰাইজৰ লগতে হোলী উদযাপন কৰে আৰু অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ভোটদান কৰাৰ আহ্বান জনায়। এই উপলক্ষ্যেজিলা উপায়ুক্ত গৰাকীয়ে বিবাহিত মহিলা সকলৰ মাজতো খাৰু আৰু সেন্দুৰ বিতৰন কৰি ভোটদান কৰিবলৈ আহ্বান জনায়। গাওঁৰ মহিলা ভোটাৰসকলক ভোটদান কৰিবলৈ উৎসাহিত আৰু আকৰ্ষিত কৰাৰ বাবে এই পন্থা গ্ৰহন কৰিছে বুলি জনায় জিলা উপায়ুক্ত কীৰ্তি জল্লিয়ে।