সকলো মোডী উপাধিৰ লোককে চোৰ আখ্যা অসমৰ এগৰাকী বিধায়কৰ - Loksabha
কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসৰ সমৰ্থনত হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই ৷ তেওঁ উল্লেখ কৰে নীৰৱ মোডী, ললিত মোডী, সুশীল মোডীৰ লুন্ঠনৰ প্ৰসংগ ৷
মোডী উপাধিৰ লোকে সকলো চোৰ কৰিব পাৰেঃ কমলাক্ষ দে'
হাইলাকান্দি, 23 মাৰ্চঃ"মোডী উপাধিৰ লোকে সকলো চুৰিকৰিব পাৰে"- এই ব্যক্তব্য কৰিছে কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই ৷ কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী স্বৰূপ দাসৰ সমৰ্থনত হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰাৰ লগতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাতো একেই মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷