হাইলাকান্দি, 7 মে‘: অসমৰ ভূমি দখলৰ চেষ্টা মিজোৰামৰ ৷ মিজো ছাত্ৰ সংঘঠনৰ নেতৃত্বত অসমৰ ভূমিত নিৰ্মাণ কাৰ্য চলোৱাৰ চেষ্টা মিজো দুৰ্বৃত্তৰ। ইয়াকে লৈ মঙলবাৰে উত্তপ্ত হৈ পৰে হাইলাকান্দিৰ অসম মিজোৰাম সীমান্ত।
উত্তপ্ত হাইলাকান্দিৰ অসম মিজোৰাম সীমান্ত - উত্তপ্ত হাইলাকান্দিৰ অসম মিজোৰাম সিমান্ত
মঙলবাৰে পুনৰ উত্তপ্ত হয় হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তৰ কচুৰথল অঞ্চল । মিজোৰামৰ MZP নামৰ সংগঠনে অসমৰ ভূমি দখল কৰাৰ চেষ্টাৰ ফলত সৃষ্টি হয় উত্তেজনাৰ ।
উল্লেখ্য,সোমবাৰে হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত থকা কচুৰথল অঞ্চলত মিজোৰামৰ এম জি পি (MZP) নামৰ সংগঠনৰ নেতৃত্বত এক নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে প্ৰস্তুতি চলায় একাংশ যুৱকে মিজো যুৱকে ৷ ইয়াৰ পিচতে আজি উত্তপ্ত হৈ পৰে কচুৰথল অঞ্চল। স্থানীয় দল সংগঠনে আজি এই বিষয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ভিত্তি প্ৰস্তৰৰ বোৰ্ডখন তাৰ পৰা আতৰাই লৈ আহে। পিছত অসম আৰু মিজোৰাম আৰক্ষী কচু্ৰথল অঞ্চলত স্থানীয় দল সংগঠনৰ সৈতে এক সভাত মিলিত হৈ অতি সোনকালে এই বিষয়ৰ স্থায়ী সমাধান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ৷