অসম

assam

ETV Bharat / state

হাইলাকান্দি কাণ্ডঃ উপস্থিত অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰা - হাইলাকান্দি কাণ্ডঃ

10 মে’ত হাইলাকান্দিত প্ৰকাশ্যে ৰাজপথত নামাজ পঢ়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্ট হোৱা কাজিয়াৰ ফলত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল হাইলাকান্দিত ৷

অতিৰিক্ত মুখ্য সচিব

By

Published : Jun 10, 2019, 8:28 PM IST

হাইলাকান্দি,10 জুনঃ যোৱা 10 মে’ত এটা অবাঞ্ছিত ঘটনাই জোকাৰি গৈছিল হাইলাকান্দি । দুটা ফৈদৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতিৰ । ক্ষতিগ্ৰস্ত হৈছিল কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান । আৰক্ষীৰ গুলীত এজন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল 10 গৰাকী । 1 মাহ পূৰ্বে হাইলাকান্দিত সংঘটিত সংঘৰ্ষৰ তদন্ত কৰিবলৈ সোমবাৰে হাইলাকান্দিত উপস্থিত হয় অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰা । সোমবাৰে হাইলাকান্দি আৱৰ্ত ভৱনত স্থানীয় দল সংগঠন সহ বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ কৰা আৰম্ভ কৰিছে ৰাজীৱ কুমাৰ বৰাই । উল্লেখ্য যে, যোৱা 10 মে’ত হাইলাকান্দিত প্ৰকাশ্যে ৰাজপথত নামাজ পঢ়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্ট হোৱা কাজিয়াৰ ফলত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল । ইয়াৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰাক ।

হাইলাকান্দি কাণ্ডঃ উপস্থিত অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰা

ABOUT THE AUTHOR

...view details