অসম

assam

By

Published : Jul 29, 2019, 2:48 PM IST

ETV Bharat / state

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰব এছ. চি. দে' মহাবিদ্যালয়

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ হাইলাকান্দিৰ এছ. চি. দে' মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ৷ আৰ্থিক দৈন্যতাৰ বাবে চিকিৎসাৰ অভাৱত ৰঞ্জিত চক্ৰৱৰ্তী নামৰ প্ৰৱক্তা গৰাকীৰ মৃত্যু হোৱাৰ পাচতেই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰব এছ. চি. দে' মহাবিদ্যালয়

হাইলাকান্দি. জুলাই 29 :

উল্লেখ্য, যে 1992 চনতে স্থাপন কৰা মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰা হৈছিল 2013 চনত ৷ কিন্তু তাৰ পাচতো অধিকাংশ শিক্ষকেই মাহিলী মাত্ৰ 5000 টকা দৰমহাৰে শিক্ষকতা কৰি আহিছে মহাবিদ্যালয়খনত ৷ শুক্ৰবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰঞ্জিত চক্ৰৱৰ্তীৰ সোঁৱৰত এক শোকসভা অনুষ্ঠিত কৰি শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰে শিক্ষক সকলে ৷ সদনত লাহে লাহে কথা কোৱা সিদ্ধাৰ্থ ভট্টাচাৰ্যই লাহে লাহেকৈয়ে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিছে বুলিও উল্লেখ কৰে শিক্ষক সকলে ৷ দীৰ্ঘ দিনৰে পৰা হৃদ ৰোগত আক্ৰন্ত হৈ থকা শিক্ষকজনে কেৱল ধনৰ অভাৱতেই গ্ৰহণ কৰিব নোৱাৰিলে উপযুক্ত চিকিৎসা ৷ শিক্ষক আৰু শিক্ষাৰ্থীসকলে এই ঘটনাৰ বাবে ৰাজ্য চৰকাৰৰ ভূল নীতি আৰু শিক্ষামন্ত্ৰীক জগৰীয়া কৰি বৃহৎআন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details