অসম

assam

By

Published : Jun 26, 2019, 3:05 PM IST

ETV Bharat / state

বনমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ এ আই ইউ ডিএফৰ বিধায়কৰ

হাইলাকান্দিত বনমন্ত্ৰীৰ তত্ত্বাৱধানত বালি ছিণ্ডিকেট চলাৰ অভিযোগ এ.আই.ইউ.ডি.এফ.ৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ

বনমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ এআইইউডিএফৰ বিধায়কৰ

হাইলাকান্দি,২৬জুন : হাইলাকান্দিত বনমন্ত্ৰীৰ তত্ত্বাৱধানত চলিছে বালি ছিণ্ডিকেট। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই অঞ্চলটোত বালিৰ অবৈধ বেহা চলাই আহিছে বুলি অভিযোগ উত্থাপন কৰে কাঠলিছেড়াৰ এ.আই.ইউ.ডি.এফ.ৰ বিধায়ক সুজাম উদ্দিন লস্কৰে। হাইলাকান্দি জিলাৰ লগতে বৰাকৰ বিভিন্ন ঠাইত বালি আৰু কাঠৰ অবৈধ বেহা চলোৱাৰ অভিযোগ উত্থাপন কৰি বিধায়ক গৰাকীয়ে কয় বন বিভাগ আৰু বনমন্ত্ৰীক এই ঘটনা সন্দৰ্ভত জনাই আহিছে । কিন্তু বিভাগ তথা বনমন্ত্ৰীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে।

বনমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ এআইইউডিএফৰ বিধায়কৰ

ইফালে,বন বিভাগৰ সহায়ত মিজোৰামৰ পৰা বৰাক উপত্যকাত মূল্যবান কাঠৰ অবৈধ বেহা চলাৰো অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে। এই ছিণ্ডিকেটৰ বিৰুদ্ধে বিধানসভাত প্ৰশ্ন উত্থাপন কৰা হ'ব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

ABOUT THE AUTHOR

...view details