অসম

assam

ETV Bharat / state

হাইলাকান্দিত বন বিভাগৰ নেতৃত্বত অবৈধ বালি ছিণ্ডিকেট ! - AJYCP

হাইলাকান্দিত বন বিভাগৰ নেতৃত্বত অবৈধ বালি ছিণ্ডিকেটৰ অভিযোগ AJYCP ৰ নেতা কবিৰ আহমেদ লস্কৰৰ ৷ হাইলাকান্দি বন বিষয়াৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনায় যুৱ নেতাগৰাকীয়ে ৷

হাইলাকান্দি
হাইলাকান্দিত বন বিভাগৰ নেতৃত্বত অবৈধ বালি ছিণ্ডিকেট!

By

Published : Feb 2, 2020, 6:46 PM IST

হাইলাকান্দি, 2 ফেব্ৰুৱাৰীঃহাইলাকান্দিত বন বিভাগক মেনেজ কৰি অসম চৰকাৰৰ ৰাজহ চক্ৰ ফাঁকি দি মিজোৰামলৈ বালি ব্যৱসায় কৰা অভিযোগ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা কবিৰ আহমেদ লস্কৰে একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ ৷

বিলাইপুৰ আৰু ধলছৰা অঞ্চলত বন বিভাগক মেনেজ কৰি ব্যৱসায়ীসকলে নদীৰ পৰা ট্ৰাকে ট্ৰাকে মিজোৰামলৈ বালি প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ ঘটনা সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বন বিভাগৰ অধিকাৰীসকলক অৱগত কৰে যদিও তেখেতসকল ভূমিকা ৰসহ্যজনক বুলি মন্তব্য কৰে ৷

হাইলাকান্দিত বন বিভাগৰ নেতৃত্বত অবৈধ বালি ছিণ্ডিকেট!

যুৱ নেতাগৰাকীয়ে কয়, বালি ছিণ্ডিকেট হাইলাকান্দি বন বিভাগৰ মাটিজুৰি ৰেঞ্জৰ আৰু বনাঞ্চলিক বিষয়া মেহেদী হাছানৰ নেতৃত্বত চলি আছে আৰু এই ছিণ্ডিকেটৰ ভাগ মন্ত্ৰীলৈ গৈ আছে বুলি অভিযোগ উত্থাপন কৰে ৷ ইয়াৰোপৰি হাইলাকান্দি বন বিভাগৰ বিষয়া দেবেন্দু বিশ্বাস আৰু মাটিজুৰি ৰেঞ্জৰ মেহেদী হাছানৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনায় লস্কৰে ৷ অন্যথা হাইলাকান্দি বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিয়ে যুৱ নেতাগৰাকীয়ে ।

আৰু পঢ়কঃ বৰপেটাত অনুষ্ঠিত 'আইদেউৰ বুলনি' শীৰ্ষক অনুষ্ঠান

ABOUT THE AUTHOR

...view details