হাইলাকান্দি, 8 জুনঃ হাইলাকান্দিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ । জিলাখনৰ মনিপুৰ গাঁৱত ১৪ ফাইনেন্সনৰ যোজনাৰ অধীনত পথ নিৰ্মাণ কৰা হৈছিল যদিও নিৰ্মাণৰ এমাহ পাছতেই খহি পৰিল পথৰ কাষৰ দেৱাল। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটোত চিমেন্টৰ ব্লকৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিল মাটিৰ ব্লক ৷ ফলস্বৰূপে পথ নিৰ্মাণত ব্যৱহাৰ হোৱা অতি থুনুকা ব্লকসমূহ এৰাই যোৱা পৰিলক্ষিত হয় । আনহাতে পথ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ বাবে সভাপতিক জৰীয়া কৰি সভাপতিৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
দুৰ্নীতিঃ হাইলাকান্দিত নিৰ্মাণৰ এমাহ পাছতে খহি পৰিল দেৱাল - হাইলাকান্দি
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটোত চিমেন্টৰ ব্লকৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিল মাটিৰ ব্লক ৷ ফলস্বৰূপে পথ নিৰ্মাণত ব্যৱহাৰ হোৱা অতি থুনুকা ব্লকসমূহ হাতেৰে ভাঙি পেলাই ৰাইজে ।

হাইলাকান্দি
দুৰ্নীতিঃ নিৰ্মাণৰ এমাহ পাছতে খহি পৰিল দেৱাল