অসম

assam

অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি

By

Published : Feb 10, 2021, 10:29 PM IST

অসম-মিজোৰাম সীমান্তৱৰ্তী কচুৰতল অঞ্চলত উত্তপ্ত পৰিস্থিতি ৷ অসম-মিজোৰাম সীমা সমস্যা সমাধানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ হাইলাকান্দি জিলাৰ ঘাৰমুড়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত বিভিন্ন দল সংগঠনৰ ৷ ৰাজপথত জুই জ্বলাই বিক্ষোভ প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ ৷

road blockade at gharmura national highway
road blockade at gharmura national highway

হাইলাকান্দি, 10 ফেব্ৰুৱাৰী:অসম-মিজোৰাম সীমা সমস্যাক লৈ পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্তৱৰ্তী কচুৰতল অঞ্চল ৷ সীমা সমস্যা সমাধানৰ দাবীৰে বুধবাৰে বিভিন্ন দল সংগঠনৰ শতাধিক কৰ্মীয়ে হাইলাকান্দি জিলাৰ কাটলিছেৰা ঘাৰমুড়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে বিফলতাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত প্ৰতিবাদকাৰী সকলে ৰাজপথৰ মাজতে জুই জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰি শীঘ্ৰে সীমা সমস্যা সমাধানৰ দাবী উত্থাপন কৰে ৷

ৰাজপথত জুই জ্বলাই বিক্ষোভ প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ

বুধবাৰে পুৱাৰ পৰা বিভিন্ন দল সংগঠনৰ কৰ্মী সকল একেলগ হৈ এনেদৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ৷

উল্লেখ্য যে সীমান্ত অঞ্চলত বৰ্তমানলৈকে প্ৰায় 54 টাকৈ ঘৰ দুস্কৃতিকাৰীয়ে জ্বলাই দিয়া বুলি জানিব পৰা গৈছে ৷ দুস্কৃতিকাৰীৰ এই কাৰ্যৰ পাছতে কচুৰতল অঞ্চলত এতিয়াও উত্তেজনাই বিৰাজ কৰি আছে ৷

জানিব পৰা মতে মঙলবাৰৰ পৰা প্ৰশাসনে উক্ত অঞ্চলৰ পৰা সকলো লোকক আঁতৰি যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উক্ত অঞ্চলত মোতায়েন কৰাৰ পাছত অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান কিছু নিয়ন্ত্ৰণলৈ আহিছে ৷

লগতে পঢ়ক:বহিঃৰাজ্যৰ পৰা অসমলৈ আহিলে কৰিব নালাগে ক’ভিড-19ৰ পৰীক্ষা

ABOUT THE AUTHOR

...view details