হাইলাকান্দি, 11 নৱেম্বৰঃএটা পথ দুৰ্ঘটনাত আৰক্ষীৰ ভূমিকাক লৈ ন্যায় বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে পাথাৰকান্দি চহৰৰ একাংশ উত্তেজিত ৰাইজে । উল্লেখযোগ্য যে, মূল ঘটনাতো সংঘটিত হৈছিল মঙলবাৰে দিনৰ ভাগত । গৌতম সিনহা নামৰ পঞ্চাশ বছৰীয়া এগৰাকী চাইকেল আৰোহীক দ্ৰুতবেগী AS-10-C-2529 নম্বৰৰ এখন ডাম্পাৰ গাড়ীয়ে খুন্দিয়াই পেলাই থৈ যায় ।
তাৰ পাচতে আহত লোকজনৰ পৰিয়ালৰ ফালৰ পৰা পাথাৰকান্দি আৰক্ষী থানাত বিষয়টো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে। কিন্তু ৰহস্য জনকভাৱে আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে ৰাইজে প্ৰায় দুঘন্টাৰ অধিক সময় ধৰি পাথাৰকান্দিত অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে ৷