হাইলাকান্দি,4 আগষ্ট: ৰাজ্য জোকাৰি গৈছে সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীয়ে ৷ হাইলাকান্দি জিলাতে এই বৃত্তিৰ নামত সংঘটিত হৈছে প্ৰায় 20 কোটি টকীয়া কেলেংকাৰী ৷ বিগত কিছুদিনৰ পৰা এই কেলেংকাৰীৰ খবৰে শিৰোনাম দখল কৰিছিল সংবাদ মাধ্যমৰ ৷ সংবাদ মাধ্যমৰ প্ৰচেষ্টাত উন্মোচিত হৈছিল এই বৃহৎ অনিয়মৰ সকলো তথ্য ৷ এই খবৰ সংগ্ৰহ কৰা একাংশ সাংবাদিকৰ বিৰুদ্ধে উঠি পৰি লাগে জিলাখনৰ এটা দুষ্টচক্ৰ ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংবাদ প্ৰকাশ কৰা প্ৰতিগৰাকী সাংবাদিকৰ ওপৰত বিভিন্নভাৱে চাপ দি আহিছিল উক্ত চক্ৰটোৱে ৷ কিন্তু কৰ্তব্যৰ খাতিৰত ব্যস্ত দুগৰাকী সাংবাদিকৰ ওপৰত দুষ্ট চক্ৰটোৱে সোমবাৰে নিশা চলায় এক আক্ৰমণ ৷ দুষ্ট চক্ৰটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ডি ৱাই 365 নামৰ ব্যক্তিগত চেনেলটোৰ ভিডিঅ’ জাৰ্ণেলিষ্ট কুনাল সেন আৰু প্ৰতিদিন টাইমৰ ভিডিঅ’ জাৰ্ণেলিষ্ট অৰুপ সেন ৷ ইয়াৰ লগতে আহত হয় কুনাল সেনৰ মাতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্য ৷
হাইলাকান্দিত দুষ্টচক্ৰৰ আক্ৰমণৰ বলি সাংবাদিক - গোচৰ
ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ হাইলাকান্দিত কৰ্তব্যৰত দুগৰাকী সাংবাদিকৰ ওপৰত সোমবাৰে নিশা আক্ৰমণ কৰে কোনো দুষ্টচক্ৰই ৷ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে যদিও এইপৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই কোনো লোকক ৷
হাইলাকান্দিত দুষ্টচক্ৰৰ আক্ৰমণৰ বলি সাংবাদিক
ইফালে,দুষ্টচক্ৰৰ এই আক্ৰমণৰ সন্দৰ্ভত হাইলাকান্দি সদৰ থানাত ৰুজু কৰা হৈছে দুটাকৈ পৃথক গোচৰ ৷ আৰক্ষীয়ে গোচৰৰ ভিত্তিত অভিযান আৰম্ভ কৰিছে যদিো বৰ্তমানলৈকে ঘটনাটোত জড়িত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে,সাংবাদিক কুনাল সেনে ছাত্ৰ বৃত্তি কেলেংকাৰীত জড়িত জহিৰুল ইছলামৰ ভাতৃয়ে উক্ত আক্ৰমণৰ লগত জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে চাওকঃপথ নাইঃ সাঙীত কঢ়িয়াই নিয়া হ'ল মৃতদেহ