গুৱাহাটী , 13 মাৰ্চ : অগপৰ বিজেপিৰ মিত্ৰতাৰ সপক্ষে আছে অসমৰ ৰাইজ । দুই দলৰ মিত্ৰতাৰ সিদ্ধান্তৰ ফলত লাভ হ'ব দুই দলৰ। মিত্ৰতা সম্পৰ্কত এই মন্তব্য প্ৰকাশ অসম বিধান সভাৰ উপাধ্যক্ষ তথা ৰাতাবাৰী সমষ্টিৰ বিধায়ক কৃপানাথ মাল্লাৰ ।
"অগপ বিজেপিৰ মিত্ৰতাৰ ফলত লাভ ল'ব দুই দলৰ" - REACTION OF DEPUTY SPEAKER ON AGP BJP ALLIANCE
মিত্ৰতা সম্পৰ্কত মন্তব্য আগবঢ়ালে অসম বিধানসভাৰ উপাধ্যক্ষই
অগপ বিজেপিৰ মিত্ৰতা
আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয় নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত আত্মবিশ্বাস প্ৰকাশ কৰে অসম বিধান সভাৰ উপাধ্যক্ষ গৰাকীয়ে । অসমৰ জনসাধাৰণ দুই দলৰ মিত্ৰতাৰ সপক্ষে আছে ,তথা এই মিত্ৰতা আগন্তুক লোকসভাৰ নিৰ্বাচনত দুই দলৰ বাবে সহায়ক হ'ব বুলিও তেওঁ প্ৰকাশ কৰে । আনহাতে লোকসভা নিৰ্বাচনত বৰাক উপত্যকাৰ 2 খন আসনত বিজেপিয়ে জয়লাভ কৰিব বুলিও কয় উপাধ্যক্ষগৰাকীয়ে ৷