অসম

assam

ETV Bharat / state

হাইলাকান্দিত কোৱাৰেন্টাইন কেন্দ্ৰত নিম্নমানৰ খাদ্য প্ৰদানৰ অভিযোগ - অপুষ্টিকৰ

চৰকাৰে টকা যোগান ধৰাৰ পিছতো এনেদৰে নিম্নমানৰ খাদ্য যোগান ধৰাক লৈ এজন যুৱকৰ ফে‘চবুক যোগে জিলা প্ৰশানৰ বিৰুদ্ধে অভিযোগ ৷

qaraintine center bed food provide allegation
কোৱাৰেন্টাইন চেন্টাৰত নিম্নমানৰ খাদ্য প্ৰদানৰ অভিযোগ

By

Published : May 24, 2020, 1:24 PM IST

হাইলাকান্দি, 24মেঃহাইলাকান্দিৰ কোৱাৰেন্টাইন কেন্দ্ৰত চলিছে চৰম অৰাজকতা ৷ খাদ্যৰ নামত অপুষ্টিকৰ খাদ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে ৷ পানীৰ টেংকিত দেখা গৈছে বিষাক্ত জেঁঠী আৰু সেই পানীয়ে খাবলৈ দিয়া হয় বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইনত থকা লোকসকলক । হাইলাকান্দি জিলাৰ মনাছেড়া অঞ্চলত থকা জৱাহৰ নৱোদয় বিদ্যালয়ত থকা কোৱাৰেন্টাইন চেন্টাৰত সংঘটিত হৈছে এই ঘটনা ।

কোৱাৰেন্টাইন চেন্টাৰত নিম্নমানৰ খাদ্য প্ৰদানৰ অভিযোগ

বেংগালৰুৰ পৰা অহা কাছিম লস্কৰ নামৰ এগৰাকী যুৱকে ফে‘চবুকযোগে ভাইৰেল কৰিছে কোৱাৰেন্টাইন কেন্দ্ৰৰ ভিতৰৰ এই দৃশ্য । আনহাতে চৰকাৰে লাখ লাখ টকা দিয়াৰ পিছতো হাইলাকান্দি জিল‍া প্ৰশাসনে অতি নিম্নমানৰ খাদ্য যোগান দিয়াৰ অভিযোগ উত্থাপন কৰিছে এইজন যুৱকে ।

লগতে পঢ়কঃ ৰঙাপৰাত প্ৰথমটো বানে বুৰালে শ শ হেক্ট'ৰ কৃষি ভূমি : চিন্তিত কৃষক ৰাইজ

ABOUT THE AUTHOR

...view details