হাইলাকান্দি ,23 মে': হাইকান্দি জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ হাইলাকান্দি জিলাৰ লক্ষীহৰৰ স্থানীয় ৰাইজৰ ৷ পানীৰ নামত অত্যন্ত লেতেৰা পানী যোগান ধৰা অভিযোগ তুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয় ঘেৰাও কৰে উত্তেজিত ৰাইজে ৷ বিগত দুই তিনি মাহৰ পৰাই অতিমাত্ৰা লেতেৰা পানী যোগান ধৰাৰ অভিযোগ লক্ষীহৰৰ ৰাইজৰ ৷
হাইলাকান্দিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয় ঘেৰাও কৰিলে ৰাইজে - Public health office encircled by peole at Hailakandi
পানীৰ নামত অত্যন্ত লেতেৰা পানী যোগান ধৰা অভিযোগ তুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয় ঘেৰাও কৰে উত্তেজিত ৰাইজে ৷

উল্লেখ্য যে, এই সন্দৰ্ভত বহু দিনৰ আগৰ পৰাই জনস্বাস্থ্য কাৰিকৰী বিভাগত ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে যদিও বিভাগটোৱে ৰাইজৰ কথাত গুৰুত্ব দিয়া নাই বুলি জনাইছে স্থানীয় ৰাইজে ৷ অৱশেষত উপায়ন্তৰ হৈ শনিবাৰে হাইলাকান্দি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ৰ অভিযন্তাক ঘেৰাও কৰি বিষয় সন্দৰ্ভত এটা সিদ্ধান্ত বিচাৰি পৰিৱেশ উত্তপ্ত কৰি তোলে লক্ষীহৰ অঞ্চলৰ একাংশ লোকে ৷ ইয়াৰ পাছতে বিভাগীয় ঠিকাদাৰক সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্ত বাবে নিৰ্দেশ দিছে বিভাগটোৱে ৷ ইফালে এই সমস্যা অচিৰেই সমাধান কৰি নিদিলে বৃহৎৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ নেমকেয়াৰৰ ঘটনাৰ পাচত অধিক সতৰ্ক হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়