অসম

assam

ETV Bharat / state

হাইলাকান্দিত ব্যতিক্ৰমী প্ৰতিবাদ: পথ নিৰ্মাণ নকৰিবলৈ দাবী

পথ নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ চান্দপুৰ উজানকুফা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত হিফজুৰ ৰহমান চৌধুৰীৰ বিৰুদ্ধে ৷ এটা ভাল পথৰ নিৰ্মাণকাৰ্য চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

By

Published : Feb 20, 2021, 10:19 PM IST

হাইলাকান্দিত প্ৰতিবাদ
পথ নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ

হাইলাকান্দি, 20 ফেব্ৰুৱাৰী :ৰাজ্যত সচৰাচৰ আমি দেখা পাওঁ যাতায়তৰ অনুপযোগী হৈ পৰা পথ নিৰ্মাণৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৷ কিন্তু হাইলাকান্দি জিলাত প্ৰত্যক্ষ কৰা হৈছে এক ব্যতিক্ৰমী প্ৰতিবাদ ৷ এই প্ৰতিবাদ আৰম্ভ হৈছে পথ নিৰ্মাণ নকৰিবৰ বাবে ৷ হাইলাকান্দি জিলাৰ ভাউৰঘাট জিলা পৰিষদৰ অন্তৰ্গত উজানকুফা গাঁৱৰ এই পথটি নিৰ্মাণৰ নামত MGNREGA ৰ অধীনত প্ৰায় 1000 মিটাৰৰ বাবে আবন্টন কৰা হৈছিল 9 লাখ 79 হাজাৰ 377 টকা ৷

পথ নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ

কিন্তু ৰাইজৰ দাবী অনুসৰি, যিটো পথ নিৰ্মাণৰ বাবে টকাৰ আবন্টন হৈছিল সেই পথটোৰ অৱস্থা ভাল ৷ সেয়েহে ৰাইজে পথ নিৰ্মাণত বাধা প্ৰদান কৰিছে যদিও হিফজুৰ ৰহমান চৌধুৰী নামৰ এজন লোকে পথ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে ৷ সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিবাদীসকলে চৰকাৰক দাবী জনাইছে যে, পথটোৰ অৱস্থা ভাল হোৱাৰ বাবে পথ নিৰ্মাণ কৰাৰ প্ৰয়োজন নাই ৷ পথ নিৰ্মাণ কৰিবই বিচাৰিছে যদি কাষত দেৱাল দি ব্লক ইটাৰে পথ নিৰ্মাণ কৰিবলৈ দাবী জনাই তেওঁলোকে ৷

পথ নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ

স্থানীয় ৰাইজে অভিযোগ কৰে যে, ধন আত্মসাতৰ বাবেই হিফজুৰ ৰহমান চৌধুৰী আৰু সুফিয়া বেগম বৰভূঞাই পথৰ কাম আৰম্ভ কৰিছিল ৷ লগতে তেওঁলোকে কয় যে, MGNREGA ৰ কাম জবকাৰ্ড হিতাধিকাৰীৰ দ্বাৰা হ'ব লাগে কিন্তু সেই গাঁৱৰ পৰিৱৰ্তে অন্য গাঁৱৰ হিতাধিকাৰীৰ নাম অন্তৰ্ভূক্ত কৰি ধন আত্মসাত কৰা হৈছে ৷ লগতে তেওঁলোকে এই কাণ্ডৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰো দাবী জনাইছে ৷

লগতে পঢ়ক :তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা চাউনীত আটক 9 জন সন্দেহজনক নাগৰিক

ABOUT THE AUTHOR

...view details