অসম

assam

By

Published : Jan 10, 2020, 8:33 PM IST

ETV Bharat / state

ৰাজ্যজুৰি অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

শুকুৰবাৰৰ দিনটোত ৰাজ্যত অব্যাহত থাকে নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ ৷ যোৰহাট, টীয়ক, হাইলাকান্দিত CAA বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ছয়গাঁৱত অগপ নেতাক আছুকৰ্মীয়ে প্ৰদৰ্শন কৰিলে ক’লা পতাকা ৷

নাগৰিকত্ব সংশোধনী আইন
ৰাজ্যজুৰি প্ৰতিবাদ

টীয়ক,10 জানুৱাৰীঃ চৰকাৰৰ বিৰুদ্ধে ক্ষান্ত হোৱা নাই খড়্গহস্ত ৰাজ্যবাসী ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জ্বলা জুইকুৰা শুকুৰবাৰেও ৰাজ্যৰ চুকে-কোণে অব্যাহত থাকে ৷ শুক্ৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই আইনৰ বিৰোধিতাৰে টীয়কৰ মাজমজিয়াত অনুষ্ঠিত কৰে এক প্ৰতিবাদী সভা ৷ সভাত সংগঠনটোৱে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল’গান দি উত্তাল কৰে পৰিৱেশ ৷

টীয়কত কৃষক মুক্তিৰ প্ৰতিবাদী সভা

প্ৰতিবাদী সভাখনত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা দিব্যজ্যোতি শৰ্মা, অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈ, টীয়ক প্ৰেছক্লাবৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়া, কৰ্মচাৰী পৰিষদৰ কিশোৰ দাস, হিমেন ভট্টাচাৰ্যকে ধৰি বহু কেইগৰাকীৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্ব ৷

যোৰহাটঃ টীয়কৰ উপৰিও যোৰহাটতো দেখা গ’ল বিতৰ্কিত আইনখনৰ বিৰুদ্ধে সাব্যস্ত হোৱা প্ৰতিবাদ ৷ প্ৰতিবাদ সাব্যস্ত কৰি শুকুৰবাৰৰ দিনটোত ৰাজপথত অৱস্থান কৰে যোৰহাট জিলা ক্ৰীড়া পেঞ্চনাৰ সন্থাই । সমগ্র ৰাজ্যক প্ৰভাৱিত কৰা আইনখনৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰে জিলাখনৰ অৰ্ধ-শতাধিক জ্যেষ্ঠ ক্ৰীড়া পেঞ্চনাৰে ৷

জ্যেষ্ঠ ক্ৰীড়া পেঞ্চনাৰৰ অংশগ্ৰহণ

যোৰহাটৰ অন্যতম ক্ৰীড়া সংগঠক ননীগোপাল দত্তই জাতিধ্বংসী আইনখন কোনো কাৰণতে মানি নলয় বুলি ক্ষোভেৰে উল্লেখ কৰে । তদুপৰি চৰকাৰৰ বিপক্ষে তীব্ৰ ক্ষোভ উজাৰে জ্যেষ্ঠ ক্ৰীড়া সংগঠকগৰাকীয়ে ৷

ছয়গাঁওঃ শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ লগতে যেন চাৰিওফালে ক’লাৰঙে ছানি ধৰিছে অগপৰ নেতাসকলক ৷ অৱশেষত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীৰ ৰোষৰ সন্মুখিন হ’ল অগপ নেতা তথা খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃকমলা কলিতা ৷

ক’লা পতাকাৰ ৰোষত অগপ নেতা

প্ৰাপ্ত তথ্য অনুসৰি,অগপ নেতা গৰাকীয়ে অগপৰ দখলত থকা পঞ্চায়তৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে শুকুৰবাৰে ছয়গাঁৱলৈ আহে ৷ উক্ত খবৰ পোৱা মাত্ৰকে ৰাজপথত উপস্থিত হয় আছুকৰ্মীসকল ৷ আছুৰ সদস্যসকলে নেতা গৰাকীক ক’লা পতাকা প্ৰদৰ্শনৰ লগতে কমলা কলিতা গ’বেক, অগপ হায় হায়, কা আমি নামানো আদি ধ্বনি দি উত্তাল কৰে অঞ্চলটোৰ পৰিৱেশ ৷

হাইলাকান্দিঃ হাইলাকান্দি কংগ্ৰেছে আয়োজন কৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী এক জনসভা । বৃহস্পতিবাৰে আলগাপুৰ বজাৰত সন্ধিয়া অনুষ্ঠিত হয় প্ৰতিবাদী সভাখন । উক্ত সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ আৰু প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাজাৰ ভূঞা ৷ উপস্থিত দুয়োগৰাকী প্ৰক্তন বিধায়কে আইনখনৰ বিৰোধিতাৰে ভাষণ প্ৰদান কৰে ৷

আলগাপুৰ বজাৰত প্ৰতিবাদী সভা

ইপিনে দেশৰ সেনাবাহিনী সম্পৰ্কে বিতৰ্কিত মন্তব্য আগবঢ়ায় মন্ত্ৰী চিদ্দিক আহমেদে । আহমেদে কয়,"বৰ্তমান আৰ্মীৰ বেশত আৰ এচ এচ কৰ্মীসকলে কাশ্মীৰৰ ঘৰে ঘৰে গৈ সংখ্যালঘু ছোৱালীক ধৰ্ষণ চলাইছে" ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই ৰাজ্যৰ বিভিন্ন মহলত ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছে ।

লগতে চাওকঃশুকুৰবাৰে নিয়া আদালতত হাজিৰ অখিল গগৈক

ABOUT THE AUTHOR

...view details