হাইলাকান্দি, 1 এপ্ৰিলঃ হাইলাকান্দিত ভোট বৰ্জনৰ হুংকাৰ দিলে পঞ্চায়তত নিৰ্বাচিত জন প্ৰতিনিধিয়ে ৷ চৰকাৰী বিষয়াৰ কাম-কাজত মুকলিলৈ অসন্তুষ্টি ব্যক্ত কৰি জিলাখনৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
চৰকাৰৰ বিৰুদ্ধে পঞ্চায়ত প্ৰতিনিধিৰ মুকলি বিদ্ৰোহ - হাইলাকান্দি পঞ্চায়ত
হাইলাকান্দিত ভোট বৰ্জনৰ হুংকাৰ দিলে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ চৰকাৰী বিষয়াৰ কাম-কাজত মুকলিলৈ অসন্তুষ্টি ব্যক্ত কৰি জিলাখনৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
নিৰ্বাচনৰ পূৰ্বেই এইদৰে খোদ জনপ্ৰতিনিধিয়ে ভোটবৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ এতিয়া জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ হাইলাকান্দি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি, খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ ব্যক্ত কৰে এইসকল নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৷
উল্লেখ্য যে, হাইলাকান্দি উন্নয়নখণ্ডত পঞ্চায়ত ব'ৰ্ড গঠনৰ পৰৱৰ্তী সময়ত খণ্ড উন্নয়ন বিষয়াৰ একনায়কত্ববাদী চৰিত্ৰৰ প্ৰতিবাদতে এইদৰে ভোটবৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে 14খন গাঁও পঞ্চায়ত আৰু 14 খন আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলে৷ প্ৰতিনিধিসকলৰ অভিযোগ অনুসৰি এম জি এনৰেগাৰ কাম নিয়ম অনুসৰি নোহোৱাৰ লগতে অকৰ্তৃত্বশীলভাৱে আঁচনিৰ ধন মোকোলাই দিয়ে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে ৷ এনে অৱস্থাত যদিহে নিৰ্বাচনৰ পূৰ্বেই নিয়ম অনুসৰি কাম আৰম্ভ নহয় তেতিয়া নিৰ্বাচনত জয়লাভ কৰাৰ সময়ত লাভ কৰা প্ৰমাণপত্ৰসমূহো ওভোটাই দিব বুলি উল্লেখ কৰে পঞ্চায়ত প্ৰতিনিধিসকলে ৷