হাইলাকান্দি,8 অক্টোবৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী হত্যাৰ দৰে জঘন্য় কাণ্ড ৷ বুধবাৰে নিশা হাইলাকান্দিৰ ৰামনাথপুৰ থানাৰ অধীনৰ দামছেড়া গাঁৱত এগৰাকী অন্তসত্বা বোৱাৰীক হত্য়া কৰে স্বামীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জাকিৰ হুছেইন মজুমদাৰ নামৰ ব্যক্তিগৰাকীয়ে প্ৰথমা পত্নী নাজমা বেগমৰ সহযোগত হত্যা কৰে দ্বিতীয়া পত্নী ৰুছতানাক ৷ এই অভিযোগ উত্থাপন কৰিছে ৰুছতানাৰ পিতৃ পৰিয়ালৰ লোকে ৷
যৌতুকৰ বাবে বোৱাৰী হত্যাৰ অভিযোগ - এছ কে ৰায় অসামৰিক চিকিৎসালয়
যৌতুকৰ বলি হৈ মৃত্যুক সাৱটিলে হাইলাকান্দিৰ এগৰাকী বোৱাৰীয়ে । যৌতুক দিব নোৱাৰাৰ বাবে ৰুছতানা বেগম মজুমদাৰ নামৰ বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে মৰিয়াই মৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ দক্ষিণ হাইলাকান্দিৰ দামছেড়া গাঁৱত সংঘটিত হৈছে এই ঘটনা । মৃত্যুৰ সময়ত বোৱাৰীগৰাকী অন্তঃসত্বা আছিল ৷
![যৌতুকৰ বাবে বোৱাৰী হত্যাৰ অভিযোগ pregnant women murder for dowry hailakandi assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9096756-thumbnail-3x2-a.jpg)
উত্থাপিত অভিযোগ অনুসৰি,সদ্য মৃত বোৱাৰীগৰাকীক বিয়াৰ পিছৰ পৰাই যৌতুকৰ বাবে অত্যাচাৰ কৰি আহিছিল স্বামী পৰিয়ালৰ লোকে ৷ বিগত কিছুদিন পূৰ্বে গাড়ী ক্ৰয়ৰ নামত প্ৰায় এক লাখ টকা আনিবলৈ দাবী কৰিছিল ৰুছতানাক ৷ কিন্তু এই টকা আনি দিয়াত ব্যৰ্থ হোৱাৰ বাবে স্বামীয়ে অত্যাচাৰ আৰম্ভ কৰে বোৱাৰীগৰাকীৰ ওপৰত ৷ এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি বুধবাৰে নিশা মৃত্যুক সাৱটি লয় সাত মাহৰ অন্তঃসত্বা বোৱাৰীগৰাকীয়ে । বোৱাৰীগৰাকীৰ মৃত্যুৰ পিছতে পলাতক হৈ আছে স্বামী পৰিয়ালৰ সদস্যসকল ৷ উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভ কৰি মৃতদেহটো উদ্ধাৰ কৰি হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷
লগতে চাওকঃ3 ঘণ্টাত 250 কি:মি: এম্বুলেঞ্চ চলায় শিশুৰ জীৱন বচালে এজন চালকে