অসম

assam

ETV Bharat / state

বৰাকত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

কৰ‘ণা মহামাৰীৰ সংহাৰৰ মাজতে ক্ৰমাৎ চমু চাপি আহিছে ৰাজ্যৰ 2021 ৰ বিধানসভা নিৰ্বাচন ৷ কৰ‘ণাৰ আতংক অব্যাহত থকাৰ মাজতো ৰাজনৈতিক দল সমূহে যেন লাহে লাহে আগন্তুক নিৰ্বাচনৰ বাবে দলৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ যো-জা অব্যাহত ৰাখিছে ৷

prafulla mahanta visited barak valley
বৰাকত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

By

Published : Aug 6, 2020, 7:44 PM IST

হাইলাকান্দি, 6 আগষ্ট : কৰ‘ণা মহামাৰীৰ সংহাৰৰ মাজতে ক্ৰমাৎ চমু চাপি আহিছে ৰাজ্যৰ 2021 ৰ বিধানসভা নিৰ্বাচন ৷ কৰ‘ণাৰ আতংক অব্যাহত থকাৰ মাজতো ৰাজনৈতিক দল সমূহে যেন লাহে লাহে আগন্তুক নিৰ্বাচনৰ বাবে দলৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ যো-জা অব্যাহত ৰাখিছে ৷

বৃহস্পতিবাৰে বৰাক ভেলিত গৈ উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্লকুমাৰ মহন্ত ৷ বৰাক ভেলিৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি দলীয় কৰ্মী সকলৰ লগত বৈঠকত মিলিত হয় অগপ নেতা গৰাকী ৷ বৈঠকত হাইলাকান্দিৰ অগপ কৰ্মী সকলে জিলাখনৰ বিভিন্ন সমস্যাৰ লগতে দলীয় স্থিতি সন্দৰ্ভত বিস্তাৰিত আলোচনা কৰে ৷

বৰাকত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

বিশেষকৈ এই বৈঠকত হাইলাকান্দি জিলাত সংঘটিত হৈ থকা সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত হোৱা দুৰ্নীতিৰ প্ৰসংগত অভিযোগ কৰি কৰ্মী সকলে এই দুৰ্নীতিত বিজেপি নেতা জড়িত হৈ আছে নবুলিয় দলীয় কৰ্মী সকলে অভিযোগ উত্থাপন কৰে ৷ তদুপৰি আগন্তুক নিৰ্বাচন সন্দৰ্ভতো দলীয় কৰ্মীৰ সৈতে আলোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : শোণিতপুৰৰ সংঘৰ্ষস্থলীত অব্যাহত সান্ধ্য আইন

ABOUT THE AUTHOR

...view details