পথৰ দুৰৱস্থা : হাইলাকান্দিত ওলাই আহিল ৰাইজ - হাইলাকান্দি
পথ নহয় পুখুৰীহে ৷ পথৰ দুৰৱস্থাত অতিষ্ঠ ব্ৰজপুৰ আৰু ৰতনপুৰ অঞ্চলৰ ৰাইজ ৷
![পথৰ দুৰৱস্থা : হাইলাকান্দিত ওলাই আহিল ৰাইজ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3950654-thumbnail-3x2-hailakandi.jpg)
পথৰ দুৰৱস্থা : হাইলাকান্দিত ওলাই আহিল ৰাইজ
হাইলাকান্দি, 26 জুলাই : পথৰ দুৰৱস্থাত অতিষ্ঠ হাইলাকান্দিৰ ব্ৰজপুৰ আৰু ৰতনপুৰ অঞ্চলৰ ৰাইজ ৷ দীৰ্ঘদিন ধৰি বিধ্বস্ত পথচোৱাৰে অহা-যোৱা কৰি জ্বলাকলা খাই অহা ৰাইজ অৱশেষত ওলাই আহিল ৰাজপথলৈ ৷ গড়কাপ্তানি বিভাগ, চৰকাৰ তথা স্থানীয় বিধায়কৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ লগতে 10 দিনৰ ভিতৰত পথচোৱা ঠিক নকৰিলে জিলা পথ অৱৰোধ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
পথৰ দুৰৱস্থা : হাইলাকান্দিত ওলাই আহিল ৰাইজ