অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোচনীয় বাট-পথ - গড়কাপ্তানি

পথ আৰু দলঙৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সৰ্বসাধাৰণক ৷ হাইলাকান্দিৰ লাল চহৰ সংযোগী গড়কাপ্তানি পথৰ অৱস্থা এতিয়া অতিকৈ শোচনীয় ৷ মঙলদৈৰ দলগাঁও যোগীপাৰা গাঁওৰ দলঙখন ভাগি যোৱাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থা ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোচনীয় বাট-পথ

By

Published : Aug 23, 2019, 7:43 PM IST

নিউজডেস্ক, 23 আগষ্ট : বেয়া পথৰ বাবে ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতি । পথ আৰু দলঙৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সৰ্বসাধাৰণক ৷ হাইলাকান্দিৰ লাল চহৰ সংযোগী গড়কাপ্তানি পথৰ অৱস্থা এতিয়া অতিকৈ শোচনীয় ৷ জিলাখনৰ কাটলিছেড়া বিধানসভা সমষ্টিত থক‍া এইটো পথেৰে বি এড কলেজ, আই টি আই সহ বহুকেইটা গুৰুত্বপূৰ্ণ শিক্ষ‍া প্ৰতিষ্ঠানলৈ যাতায়াতৰ বাবে একমাত্ৰ পথ এইটোয়ে । কিন্তু বিগত কিছু দিনৰ পৰা পথটোৰ ওপৰত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ । আনহাতে, মঙলদৈৰ দলগাঁও যোগীপাৰা গাঁওৰ যাতায়তৰ একমাত্ৰ ভৰসাৰ দলং খন ভাগি যোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি ৷ 18 বছৰ পূৰ্বে নিৰ্মাণ কৰা দলংখনৰ খুটা কেইটা পচি যোৱা বাবে এই অৱস্থা । স্কুল কলেজৰ ছাত্ৰ- ছাত্ৰীসকলে বহু দূৰ ঘূৰি যাবলগীয়া হৈছে । মাত্ৰ 5 কিল’মিটাৰ দূৰত্বৰ দেওমৰনৈ মহাবিদ্যালয়লৈ যাবলৈ 12 কিল’মিটাৰ ঘূৰিব লগা হৈছে ছাত্ৰ - ছাত্ৰী । কিন্তু ইমানৰ পাচতো কোনো গুৰুত্ব নাই গড়কাপ্তানি বিভাগ তথা স্থানীয় জনপ্ৰতিনিধিৰ ৷ এতিয়া ৰাজ্যৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায় পৰিবহণ ক্ষেত্ৰৰ এনে দুৰৱস্থা ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোচনীয় বাট-পথ

ABOUT THE AUTHOR

...view details