অসম

assam

ETV Bharat / state

হাইলাকান্দিত 15 বছৰে নিৰ্মাণ ন'হল এখন দলং

হাইলাকান্দিৰ বন্দুকমাৰা অঞ্চলত বিগত 15 বছৰ আগতে নিৰ্মাণ আৰম্ভ হৈছিল এখন পকী দলঙৰ কাম ৷ কিন্তু বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ নহ’ল দলং নিৰ্মাণৰ কাম ৷ যাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে ৷

হাইলাকান্দিত 15 বছৰে নিৰ্মাণ ন'হল এখন দলং

By

Published : Aug 10, 2019, 7:15 PM IST

হাইলাকান্দি, 10 আগষ্টঃ হাইলাকান্দিত বিগত 15 বছৰে নিৰ্মাণ নহ’ল এখন দলং ৷ চৰকাৰ সলনি হোৱাৰ পাচতো অন্ত নপৰিল ৰাইজৰ দুৰ্দশা ৷ হাইলাকান্দিৰ বন্দুকমাৰা অঞ্চলত বিগত 15 বছৰ আগতে নিৰ্মাণ আৰম্ভ হৈছিল এখন পকী দলঙৰ কাম ৷ কিন্তু বৰ্তমান পৰ্যন্ত সম্পূৰ্ণ ন'হল দলং নিৰ্মাণৰ কাম ৷ যাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে ৷ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়হীন হৈ স্থানীয় ৰাইজে নিজেই নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং ৷ কিন্তু বাঁহৰ দলঙৰে বিপদ সংকুল যাত্ৰ কৰাৰ বাবে শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

হাইলাকান্দিত 15 বছৰে নিৰ্মাণ ন'হল এখন দলং

ABOUT THE AUTHOR

...view details