হাইলাকান্দি , 22 জুলাই:দেওবাৰে নিশা হাইলাকান্দিত আৰক্ষী কনিষ্টবল এজনে সাংবাদিক এগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিগত বৰ্ষত ৰাজেশ বৈদ্য নামৰ কনিষ্টবলগৰাকীয়ে উৎকোচ লোৱাৰ দৃশ্য কেমেৰাত বন্দী কৰিছিল এটা ব্যক্তিগত টেলিভিশ্বন চেনেলৰ সাংবাদিক ৰাজেশ দাসে ৷ ফলত 3 মাহৰ বাবে চাকৰিৰ পৰা নিলম্বিত হৈছিল কনিষ্টবল ৰাজেশ বৈদ্য ৷
হাইলাকান্দিত সাংবাদিকক আক্ৰমণ আৰক্ষীৰ - আৰক্ষী কনিষ্টবল
বিগত বৰ্ষত ৰাজেশ বৈদ্য নামৰ কনিষ্টবলগৰাকীয়ে ঘোচ লোৱাৰ দৃশ্য কেমেৰাত কৰিছিল এটা ব্যক্তিগত টেলিভিশ্বন চেনেলৰ সাংবাদিক ৰাজেশ দাসে ৷

হাইলাকান্দিত সাংবাদিকৰ উপৰত আৰক্ষীৰ আক্ৰমণ!
হাইলাকান্দিত সাংবাদিকক আক্ৰমণ আৰক্ষীৰ
ইয়াৰে পাচতে পুনৰ চাকৰিত যোগদান কৰি কনিষ্টবলগৰাকীয়ে সাংবাদিকগৰাকীৰ ওপৰত আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপিত হৈছে ৷ ইপিনে আক্ৰমণৰ সময়ত কনিষ্টবলজন সুৰামত্ত অৱস্থাত থকাৰো অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ।