হাইলাকান্দি, 3 জুলাইঃ "অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নহয় । খনন কৰা নহয় ব্ৰহ্মপুত্ৰ ।" কেন্দ্ৰ চৰকাৰৰ এই ঘোষণাকলৈ বৰ্তমান উত্তাল সমগ্ৰ ৰাজ্য । শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বৰাক উপত্যকাৰ হাইলাকান্দি জিলাতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হওকঃ কৃষক মুক্তি সংগ্ৰাম সমিতি
হাইলাকান্দিত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ । অসমৰ বানক সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷
বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হওকঃ কৃষক মুক্তি সংগ্ৰাম সমিতি
অতিশীঘ্ৰে অসমৰ জলন্ত সমস্যা বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীৰে প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে হাইলাকান্দিৰ ৰাজপথ । ইয়াৰ পিছতো যদি চৰকাৰে বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে মানি নলয় তেন্তে অনাগত সময়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।
আৰু পঢ়কঃ বদৰপুৰত গণ প্ৰহাৰৰ বিৰুদ্ধে ধৰ্ণা