হাইলাকান্দি,15 অক্টোবৰ: হাইলাকান্দিত কংগ্ৰেছ নেতাৰ ঘৰত পৰকীয়া প্ৰেম ৷ অসম প্রদেশ কংগ্রেছৰ সম্পাদক দিলোৱাৰ হুছেইনৰ ভতিজাকৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত পত্নী শ্বাহনাজ ৷ ইয়াৰ পৰিণতি স্বৰূপে ভতিজাকৰ সৈতে পলায়ন কৰে পত্নী শ্বাহনাজে ৷
সমগ্ৰ ঘটনাক লৈ নিজ গাঁৱত এক বিচাৰৰ আয়োজন কৰা হয় যদিও দুই পক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ ইয়াৰ পাচতে দিলোৱাৰ হুছেইনে বন্দুকেৰে দুই ৰাউণ্ড গুলীচালনা কৰাৰ ফলত নিজ ভাতৃ নাইম উদ্দিন গুৰুতৰভাৱে আহত হয় ।