অসম

assam

ETV Bharat / state

অশান্ত হাইলাকান্দিত শান্তি সমদল

জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দিত শান্তি সমদল ৷ হাত জোৰ কৰি ৰাইজৰ ওচৰত শান্তি সম্প্ৰীতি বজায় ৰখাৰ প্ৰাৰ্থনা জিলা উপায়ুক্তৰ ৷

অশান্ত হাইলাকান্দিত শান্তি সমদল

By

Published : May 18, 2019, 2:18 PM IST

হাইলাকান্দি , 18':বিগত 10 মে'ত হাইলাকান্দিত সংঘটিত অবাঞ্ছিত ঘটনাৰ পিচত শনিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত হাইলাকান্দিত পুনৰ এক শান্তি সমদল আয়োজন কৰা হয় ৷ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত আয়োজিত এই শান্তি সমদলত জিলাখনৰ বিশিষ্ট ব্যক্তি সকলে ভাগ লয় ৷

অশান্ত হাইলাকান্দিত শান্তি সমদল

যোৱা 10 মে'ত এটা সামান্য ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ ফলত , মুহূৰ্ততে ৰক্তাক্ত হৈ পৰিছিল হাইলাকান্দি চহৰ ৷ দাউ দাউকে জ্বলি উঠিছিল ব্যৱসায়ীক প্ৰতিষ্ঠান সহ গাড়ী-মটৰ চাইকেল ৷ ইপিনে বিগত এসপ্তাহে যদিও চহৰ খনত কোন অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই , তথাপিও জিলা প্ৰশাসনে জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰাখিছে ৷ আনহাতে জিলাখনত শান্তি অক্ষুণ্ণ ৰখাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰ বিয়লি এক শান্তি সমদলৰ আয়োজন কৰা হৈছিল ৷ শনিবাৰে অৰ্থাৎ আজি পুনৰ আন এক সমদলৰ আয়োজন কৰা হয় ৷ জিলা উপায়ুক্ত জাল্লি কিৰ্তী আৰু আৰক্ষী অধীক্ষক মহনীশ মিশ্ৰায়ে এই সমদলটোৰ নেতৃত্ব দিয়ে ৷ লগতে এই সমদলত জিলাখনৰ বিশিষ্ট ব্যক্তি আৰু ব্যৱসায়ী সকলে অংশ লয় ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই সমদল হাইলাকান্দি চহৰ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ প্ৰধান ৰাজপথ সমূহ পৰিক্ৰমা কৰি পুনৰ জিলা উপায়ুক্ত কাৰ্যালয়ত সামৰণি পৰে ৷ ইয়াৰোপৰিও জিলা উপায়ুক্ত গৰাকীয়ে এই সমদলৰ জৰিয়তে শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজায় ৰখাৰ আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details