অসম

assam

ETV Bharat / state

ভূত বাংলাত পৰিণত হাইলাকান্দিৰ পশু চিকিৎসালয় - হাইলাকান্দিৰ পশু চিকিৎসালয়

স্বাস্থ্য বিভাগৰ সমান্তৰালকৈ বিকল হৈ পৰিছে ৰাজ্যৰ পশু চিকিৎসা বিভাগ । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱত ভগ্নাৱশেষত পৰিণত হৈছে হাইলাকান্দিৰ পশু চিকিৎসালয় ।

ভূত বাংলাত পৰিণত হাইলাকান্দিৰ পশু চিকিৎসালয়

By

Published : Aug 27, 2019, 3:31 PM IST

Updated : Aug 27, 2019, 4:28 PM IST

হাইলাকান্দি, 27 আগষ্টঃ ভূত বাংলাত পৰিণত হৈছে হাইলাকান্দিৰ পশু চিকিৎসালয় । প্ৰয়োজনীয় আন্তঃগাঁথনি, চিকিৎসা কৰ্মীৰ অভাৱত সম্প্ৰতি পৰিত্যক্ত অৱস্থালৈ পৰ্যবসিত হৈছে চিকিৎসালয় খন । হাইলাকান্দিৰ চিপাৰসাঙ্গন অঞ্চলত থকা পশু চিকিৎসালয়ত চৰকাৰী ৰেকৰ্ড মতে তিনিজন কৰ্মী থাকিলেও চিকিৎসালয়খনত উপস্থিত হয় মাত্ৰ এজন৷

ভূত বাংলাত পৰিণত হাইলাকান্দিৰ পশু চিকিৎসালয়

উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত চিকিৎসালয়খনত পেলাই থৈছে লাখ লাখ টকাৰ মূল্যবান সামগ্ৰী । বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই চিকিৎসালয়খনত চৰকাৰী সম্পত্তি বিনষ্ট হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷

Last Updated : Aug 27, 2019, 4:28 PM IST

ABOUT THE AUTHOR

...view details