হাইলাকান্দি,11 এপ্ৰিলঃ লক ডাউন ভংগ কৰি হাইলাকান্দিৰ পাঁচগ্ৰাম কাছাৰ কাগজ কলৰ কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ । চৰকাৰী নিৰ্দেশক অমান্য কৰি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয় কাগজ কলটোৰ কর্মচাৰীসকল ৷ মূলতঃ লক ডাউনৰ সময়ছোৱাত চৰকাৰী সাহায্য লাভ নকৰাৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে কলটোৰ কৰ্মীসকলে ৷
চৰকাৰৰ বিৰুদ্ধে ৰাজপথত পাঁচগ্ৰাম কাছাৰ কাগজকলৰ কৰ্মী - চৰকাৰৰ বিৰুদ্ধে ৰাজপথত পাঁচগ্রাম কাছাৰ কাগজকলৰ কৰ্মী
লক ডাউন চলি থকাৰ সময়তে হাইলাকান্দিৰ পাঁচগ্ৰাম কাছাৰ কাগজ কলৰ কৰ্মীসকলৰ সাব্যস্ত প্ৰতিবাদ । চৰকাৰী সাহায্যৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
পাঁচগ্রাম কাছাৰ কাগজকলৰ কৰ্মীৰ প্ৰতিবাদ
লগতে, কৰ্মচাৰীসকলে ৰাজ্যৰ অন্য বিভাগীয় কৰ্মচাৰীৰ সমান্তৰালকৈ বকেয়া ধন বিচাৰি চৰকাৰক দাবী জনায় ৷ নহ’লে লক ডাউনৰ বাবে উক্ত কৰ্মচাৰীসকলে অনাহাৰে মৰিব লাগিব ৷ বিষয় সন্দৰ্ভত প্রধানমন্ত্রীৰ হস্তক্ষেপ বিচাৰে বেতনৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে ৷ অন্যথা কৰ’ণাত আক্ৰান্ত নহ’লেও অনাহাৰত মৃত্য়ুবৰণ কৰিব লাগিব এইসকল কৰ্মচাৰী ৷
লগতে চাওকঃভিডিঅ'যোগে ৰাইজক নিজাকৈ মাস্ক প্ৰস্তুতৰ আহ্বান চৰকাৰৰ !
Last Updated : Apr 11, 2020, 3:44 PM IST