হাইলাকান্দি, 9 জানুৱাৰী : বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৷ এই অভিযোগ হাইলাকান্দিবাসীৰ ৷ শনিবাৰে এই অভিযোগ তুলি হাইলাকান্দিৰ পাঁচগ্ৰাম কাগজ কলৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে কাগজ কলৰ কৰ্মচাৰী সকলে ৷
প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, চৰকাৰে 4 বছৰে মোকলাই দিয়া নাই কৰ্মচাৰীৰ দৰমহা ৷ তাৰ সমান্তৰাল ভাৱে অসমৰ 2 টাকৈ কাগজ কল পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে ৷