হাইলাকান্দি, 18 ডিচেম্বৰ : দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি গ্ৰেপ্তাৰ হ'ল হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ লালা থানাৰ অন্তৰ্গত বিলাইপুৰ পঞ্চায়তৰ প্ৰতিনিধি আলিম উদ্দিন ৷ স্থানীয় লোকে সদৰি কৰা অনুসৰি, যোৱা কেইদিনমান আগতে বিলাইপুৰ পৰা মিজোৰাম সংযোগী গড়কপ্তানী পথটো বাবে SOPD ৰ অধীনত চাৰি লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ৷ কিন্তু নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে পথৰ বহু ঠাইত মাটি খহি পৰা দেখা যায় ৷
ইয়াৰ পিচতেই পথাটোৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় ৰাইজ সহযোগত বিলাইপুৰ পঞ্চায়তৰ প্ৰতিনিধি আলম উদ্দিনে । যাৰ পৰিপেক্ষিতত পথটোৰ নিৰ্মাণ কাৰ্যৰ ঠিকাদাৰ ৰফিক আহমেদে লালা থানাত আলম উদ্দিনৰ বিৰুদ্ধে শবনম ট্ৰেণ্ডাৰছৰ ফালৰ পৰা এক এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰ ভিত্তিত লালা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বিলাইপুৰ পঞ্চায়তৰ প্ৰতিনিধি আলম উদ্দিনৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুইজনক সদস্যক আটক কৰি থানালৈ লৈ আহে জানিবলৈ দিছে স্থানীয় লোকে ৷