অসম

assam

ETV Bharat / state

কাছাৰ কাগজ কলত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত চোৰ ! পাচগ্ৰামত উত্তাল প্ৰতিবাদ - কাছাৰ কাগজ কলত চুৰিকাণ্ড

কাছাৰ কাগজ কলত পুনৰ চুৰিকাণ্ড । দীৰ্ঘ দিনৰ পৰা বন্ধ হৈ থকা কাগজ কলটোত দেওবাৰে নিশা এটা ৬/৭ জনীয়া চোৰৰ দলে প্ৰৱেশ কৰে । চোৰৰ ওমান পায় কাগজ কলৰ নিৰাপত্তাৰ দায়িত্বত থকা এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ নিৰাপত্তাৰক্ষীয়ে চোৰৰ দলটোক বাধা দিবলৈ চেষ্টা কৰে যদিও চোৰৰ দলটোৱে হাতত অস্ত্ৰলৈ নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে।

কাছাৰ কাগজ মিলত চুৰি কাণ্ড

By

Published : Nov 4, 2019, 7:15 PM IST

Updated : Nov 4, 2019, 11:28 PM IST

হাইলাকান্দি, 4 নৱেম্বৰ:সোমবাৰে উত্তপ্ত হৈ পৰিলহাইলাকান্দিৰ পাচগ্ৰাম অঞ্চল। দেওবাৰে কাছাৰ কাগজ কলৰ নিৰাপত্তাৰক্ষীৰ লগত হোৱা গুলীয়াগুলীত এজন যুৱক নিহত হোৱাৰ পিচতে নিহত যুৱকজনৰ গাঁৱৰ ৰাইজে ঘেৰাও কৰে পাচগ্ৰাম আৰক্ষী চকী ৷ লগতে যুৱকজনৰ পৰিয়ালৰ বাবে উপযুক্ত ক্ষতিপূৰণ বিচাৰে গাঁওবাসীয়ে ৷ আনহাতে উক্ত ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, দেওবাৰে নিশা হাইলাকান্দি জিলাৰ পাচগ্ৰামত থকা কাছাৰ কাগজ কলত সংঘটিত চুৰি কাণ্ডত জড়িত আছিল যুৱকজন ।

কাছাৰ কাগজ মিলত চুৰি কাণ্ড

দীৰ্ঘ দিনৰ পৰা বন্ধ হৈ থকা কাগজ কলটোত দেওবাৰে নিশা এটা ৬/৭ জনীয়া চোৰৰ দলে প্ৰৱেশ কৰে । চোৰৰ উমান পায় কাগজ কলৰ নিৰাপত্তাৰ দায়িত্বত থকা এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ নিৰাপত্তাৰক্ষীয়ে চোৰৰ দলটোক বাধা দিবলৈ চেষ্টা কৰে যদিও চোৰৰ দলটোৱে হাতত অস্ত্ৰলৈ নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে। প্ৰত্যাক্ৰমণত নিৰাপত্তাৰক্ষী দলটোৱে গুলী চলাবলৈ বাধ্য হৈ পৰে।

নিৰাপত্তা ৰক্ষীৰ গুলিত নিহত হয় মনিৰ উদ্দিন লস্কৰ নামৰ এজন চোৰ। নিহত মনিৰ উদ্দিনৰ ঘৰ আলগাপুৰ সমষ্টিৰ দক্ষিণ বদৰপুৰ গাঁৱত বুলি জানিব পৰা গৈছে। চোৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে পাচগ্ৰাম অঞ্চল উত্তাল কৰি তোলে দক্ষিণ বদৰপুৰৰ ৰাইজে । তেওঁলোকৰ দাবী গৰু চৰাবলৈহে কাগজ কলৰ চৌহদত প্ৰৱেশ কৰিছিল নিহত যুৱকজন ৷ আনহাতে এই কথা মানি লোৱা নাই পাচগ্ৰাম অঞ্চলবাসীয়ে ৷ সমস্ত ঘটনা সন্দৰ্ভত উপায়ুক্তৰ কাষ চাপিচে দুুইখন গাঁৱৰ ৰাইজ ৷

Last Updated : Nov 4, 2019, 11:28 PM IST

ABOUT THE AUTHOR

...view details