হাইলাকান্দি, 14 জুলাই: হাইলাকান্দিত কৃষক নেতাৰ ওপৰত প্ৰাণঘাতি আক্ৰমণ । হাইলাকান্দি জিলাত সংগঠিত 20 কোটি টকীয়া সংখ্যালঘু ছাত্ৰ বৃত্তিক হোৱা কেলেংকাৰীক লৈ গোচৰ কৰাৰ বাবেই আক্ৰমণৰ বলি হ’ব লগা হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰ ।
মঙলবাৰে বিয়লি আনুমানিক 4 বজাত সংগঠিত হয় এই আক্ৰমণৰ ঘটনা । জহিৰ উদ্দিনে জনোৱা মতে,স্থানীয় জিলা পৰিষদ কাৰ্যালয়লৈ ব্যক্তিগত কামলৈ আহিছিল তেওঁ ৷ কিন্তু জিলা পৰিষদ কাৰ্যালয়ৰ ভিতৰত থকা কেইজনমান যুৱ কংগ্ৰেছীয়ে তেওঁৰ ওপৰত প্ৰাণে মাৰাৰ চেষ্টা কৰি আক্ৰমণ চলায় । পিছত জিলা পৰিষদ কাৰ্যালয়ৰ এটা কক্ষত সোমাই নিজৰ প্ৰাণ ৰক্ষা কৰে জহিৰে ।