হাইলাকান্দি,2 চেপ্তেম্বৰ:একধৰ্ষণকাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ হাইলাকান্দি জিলা ৷ বিগত সোমবাৰে জিলাখনৰ লালা বজাৰত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ । অঞ্চলটোৰ চেণ্ট্ৰেল ৰোডস্থিত তৃপ্তি হোটেল নামৰ এখন হোটেলৰ পিছফালে স্থানীয় ৰাইজে অৰ্ধ-উলংগ অৱস্থাত পৰি ৰোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্তোষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মানসিক ভাৰসাম্যহীন মহিলাগৰাকীক অচিনাক্ত লোকে ধৰ্ষণৰ পিছত হত্যা কৰি এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷
হাইলাকান্দি ধৰ্ষণ কাণ্ড: আৰক্ষীৰ জালত অভিযুক্ত - লালা আৰক্ষী থানা
হাইলাকান্দিৰ শেহতীয়াভাৱে সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ৷ জিলাখনৰ মাজমজিয়াৰ তৃপ্তি হোটেলৰ কৰ্মচাৰী ভিম বিমে এই ধৰ্ষণকাণ্ডত জড়িত থকাৰ কথা আৰক্ষীৰ আগত প্ৰকাশ কৰিছে ৷ সম্প্ৰতি এই ঘটনাৰ অধিক তথ্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে জিলাখনৰ লালা আৰক্ষীয়ে ৷
![হাইলাকান্দি ধৰ্ষণ কাণ্ড: আৰক্ষীৰ জালত অভিযুক্ত One arrested on suspicion of murder after rape in hailakandi assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8649208-thumbnail-3x2-a.jpg)
ইফালে মৃতদেহতো চিনাক্তকৰণৰ পিছত পৰিয়ালৰ লোকক গতাই দিয়ে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত বুধবাৰে লালা আৰক্ষীয়ে ভিমবিম নামৰ এগৰাকী ব্যক্তিক ঘটনাত জড়িতৰ সন্দেহত কৰায়ত্ত কৰে । উল্লেখ্য যে, ধৃত ব্যক্তিগৰাকী স্থানীয় তৃপ্তি হোটেলৰ কৰ্মচাৰীৰূপে নিয়োজিত আছিল ৷ ব্যক্তিগৰাকীয়ে হোটেলখনত দীৰ্ঘদিনৰ পৰা এনেধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰি আহিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷ ব্যক্তিগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিতে ঘটনাটোত জড়িত অন্য এগৰাকী লোকক আৰক্ষীয়ে আটক কৰাৰ পিছত দুয়োকে আদালতলৈ প্ৰেৰণ কৰে ৷ আদালতে ধৃত ব্যক্তি দুগৰাকীক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰিছে কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাই ৷
লগতে চাওকঃমৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী