অসম

assam

ETV Bharat / state

হাইলাকান্দিত স্বাস্থ্যকৰ্মীক স্বাৱ টেষ্ট কৰাত বাধা প্ৰদান

লক্ষীচহৰ এলেকাত ৰেপিড এন্টিজেন টেষ্টৰ বাবে উপস্থিত হোৱা স্বাস্থ্যকৰ্মী সকল স্থানীয় ৰাইজে বাধা প্ৰদান কৰাৰ লগতে আটক কৰি ৰাখে স্বাস্থ্যকৰ্মী সকলক ৷

OBJACTIONS COVID-19 RAPID TEST AT HAILAKANDI VILLAGE
হাইলাকান্দিত স্বাস্থ্যকৰ্মীক স্বাৱ টেষ্ট কৰাত বাধা প্ৰদান

By

Published : Aug 12, 2020, 7:45 PM IST

হাইলাকান্দিত,12আগষ্টঃ ৰাজ্যত কৰ’ণা সংক্ৰমণ অত্যাধিক হাৰত বৃদ্ধি পোৱাত স্ৱাৱ টেষ্টৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে আৰম্ভ কৰিছে ক’ভিড-১৯ টেষ্ট। বুধবাৰৰ পৰা হাইলাকান্দি জিলাত ঘৰে ঘৰে গৈ আৰম্ভ কৰা হৈছে কৰ’ণা টেষ্ট ।

হাইলাকান্দিত স্বাস্থ্যকৰ্মীক স্বাৱ টেষ্ট কৰাত বাধা প্ৰদান

কিন্তু এই প্ৰতিক্ৰিয়াৰ আৰম্ভ কৰা প্ৰথম দিনাই বাধাৰ সম্মুখীন হ’ব লগিয়া হ’ল স্বাস্থ্যকৰ্মী সকল। হাইলাকান্দিৰ লক্ষীচহৰ এলেকাত ৰেপিড এন্টিজেন টেষ্টৰ বাবে উপস্থিত হোৱা স্বাস্থ্যকৰ্মী সকলক স্থানীয় ৰাইজে বাধা প্ৰদান কৰাৰ লগতে আটক কৰি ৰাখে স্বাস্থ্যকৰ্মী সকলক । পৰবৰ্তী সময়ত ঘটনাস্থলীত চক্ৰ বিষয়া আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে স্বাস্থ্যকৰ্মী সকলক। ইপিনে সমগ্ৰ বিষয়টো বুজিব পাৰি অৱশেষত শুকুৰবাৰে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে সম্মতি প্ৰদান কৰে লক্ষীচহৰ এলেকাৰ স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ নাহৰকটীয়াত অধিক শক্তিশালী হৈছে বিজেপিৰ ভেটি

ABOUT THE AUTHOR

...view details