কাটলিছেৰা এচ কে ৰয় কলেজত ছাত্ৰ-ছাত্ৰীসহ প্ৰতিবাদত বহিল এন এচ ইউ আই - এন এচ ইউ আই
কলেজ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক বেক পেপাৰৰ নামত অনিয়ম ভাৱে মাচুল সংগ্ৰহ কৰাক লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ছাত্ৰ-ছাত্ৰীক বিগত বৰ্ষত বিনামূলীয়াকৈ স্নাতক মহলাত নামভৰ্তি কৰিবলৈ দিয়া হৈছিল যদিও চলিত বৰ্ষত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক অসম চৰকাৰে বেক পেপাৰৰ নামত অজুহাত দেখুৱাই পৰিকল্পিতভাৱে তেওঁলোকক বঞ্চিত কৰা হৈছে বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে
হাইলাকান্দি, 9 জুলাই: হাইলাকান্দিৰ কাটলিছেৰা এচ কে ৰয় কলেজত ছাত্ৰ-ছাত্ৰী সহ প্ৰতিবাদত বহিল এন এচ ইউ আই ৷ সোমবাৰে পুৱা 11 বজাত কলেজৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এন এচ ইউ আই আৰু বিডিএচএফৰ সহযোগত গঢ়ি তোলা হয় এই বিশাল প্ৰতিবাদ কাৰ্যসূচী ৷ কলেজ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক বেক পেপাৰৰ নামত অনিয়ম ভাৱে মাচুল সংগ্ৰহ কৰাক লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ ছাত্ৰ-ছাত্ৰীক বিগত বৰ্ষত বিনামূলীয়াকৈ স্নাতক মহলাত নামভৰ্তি কৰিবলৈ দিয়া হৈছিল যদিও চলিত বৰ্ষত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক অসম চৰকাৰে বেক পেপাৰৰ নামত অজুহাত দেখুৱাই পৰিকল্পিতভাৱে তেওঁলোকক বঞ্চিত কৰা হৈছে বুলি দাবী কৰে এন এচ ইউ আইৰ সাধাৰণ সম্পাদক মজমুল ইচলাম লস্কৰে ৷ চৰকাৰ এই হঠকাৰী সিদ্ধান্ত উঠাই লোৱাৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ ঘটনাস্থলীত কাটলিছেৰা ৰাজহ বিষয়া জেম্স আইণ্ড আৰু কাটলিছেৰা আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ বিষয়টোৰ সন্দৰ্ভত ৰাজহ বিষয়া গৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে ৷ আগন্তুক দুদিনৰ ভিতৰত দাবী পূৰণ নকৰিলে পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰে এন এচ ইউ আইৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷