হাইলাকান্দিত গণ প্ৰহাৰৰ ঘটনা - মৰেল পুলিচ
হাইলাকান্দিত পোহৰলৈ আহিছে গণ প্ৰহাৰৰ ঘটনা । একাংশ লোকৰ নিৰ্যাতনৰ চিকাৰ হৈছে এহাল যুৱক-যুৱতী। হাইলাকান্দিৰ ৰবীন্দ্ৰ উদ্যানত সংঘটিত হৈছে এই ঘটনা।
হাইলাকান্দি,30আগষ্টঃ হাইলাকান্দিত গণ প্ৰহাৰৰ ঘটনা। মৰেল পুলিচৰ নিৰ্যাতনৰ চিকাৰ এহাল যুৱক-যুৱতী। উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে হাইলাকান্দিৰ ৰবীন্দ্ৰ উদ্যানত অশালীন অৱস্থাত উদ্ধাৰ হৈছিল এহাল যুৱক-যুৱতী। কলেজ উনিফৰ্ম পিন্ধা দুয়োগৰাকী যুৱক-যুৱতীক অশালীন অৱস্থাত প্ৰত্যক্ষ কৰি কিছু উদণ্ড যুৱকে চলায় অত্যাচাৰ। কেৱল ইমানতে ক্ষান্ত নাথাকি যুৱকজনৰ কাপোৰ খুলিও প্ৰহাৰ কৰে উদণ্ড যুৱকৰ দলেটোৱে। পিছত এই সমগ্ৰ ঘটনাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল একাংশই। যাৰ পাচতে এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ হাইলাকান্দিতে। আনহাতে এই সমগ্ৰ কাণ্ডৰ গৰিহণা দি শীঘ্ৰে উদণ্ড যুৱকৰ দলটোক আটক কৰাৰ আহ্বান জনায় কেইবাটাও দল-সংগঠনে ৷