অসম

assam

ETV Bharat / state

হাইলাকান্দি গ্ৰামোন্নয়ন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ - হাইলাকান্দি

কামৰ প্ৰাপ্য অৰ্থ বিচৰাৰ পিছত খণ্ড উন্নয়ন বিষয়া সুস্মিতা দাস, কনিষ্ঠ অভিযন্তা আমাজ উদ্দিন বৰভূঁঞা আৰু জি আৰ এছ তাজউদ্দিনে দাবী কৰে ২০ হাজাৰ টকা

GOOD

By

Published : Feb 2, 2019, 5:01 PM IST


VIDEO
হাইলাকান্দি ২ ফেব্ৰুৱাৰীঃ
সলনি হ'ল ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থা। কিন্তু পৰিৱৰ্তন নাহিল একাংশ বিষয়া কৰ্মচাৰীৰ মানসিকতাৰ। কামৰ বিনিময়ত ধন দাবীৰ ঘটনা এতিয়াও অব্যাহত আছে অসমত। এইবাৰ ঘটনাৰ স্থান হাইলাকান্দি। কামৰ বিনিময়ত ধন দাবী কৰাৰ অভিযোগত হাইলাকান্দিত ৰাইজে গোচৰ তৰিছে তিনি গৰাকীকৈ গ্ৰামোন্নয়ন বিষয়াৰ ওপৰত। MGNREGA আচনীৰ ধন মুকলাই দিয়াৰ বাবে ধন বিচৰাৰ অভিযোগ এই তিনি গৰাকীৰ বিৰুদ্ধে।

PHOTO3
জানিব পৰা মতে MGNREGA আচনিৰ অধীনত হাইলাকান্দি উন্নয়ন খণ্ডৰ এটা পথ নিৰ্মাণ কৰে গাঁওবাসীয়ে। কিন্তু কামৰ প্ৰাপ্য অৰ্থ বিচৰাৰ পিছত খণ্ড উন্নয়ন বিষয়া সুস্মিতা দাস, কনিষ্ঠ অভিযন্তা আমাজ উদ্দিন বৰভূঁঞা আৰু জি আৰ এছ তাজউদ্দিনে দাবী কৰে ২০ হাজাৰ টকা। এই অৰ্থ প্ৰদান নকৰিলে আচনিৰ ধন মুকলি নকৰাৰ ভাবুকি দিয়ে বিষয়া সকলে। পিছত উপায়ন্তৰ হৈ গাঁওবাসীয়ে কাষ চাপিলে আইনৰ।

ABOUT THE AUTHOR

...view details