অসম

assam

ETV Bharat / state

অগপ-বিজেপিক ক্ষুৰধাৰ সমালোচনা বিধায়ক নিজামউদ্দিনৰ - এ.আই.ইউ.ডি.এফৰ বিধায়ক নিজামউদ্দিন চৌধুৰী

অগপ-বিজেপিক তীব্ৰ সমালোচনা এ.আই.ইউ.ডি.এফৰ বিধায়ক নিজামউদ্দিন চৌধুৰীৰ ৷ হাইলাকান্দিৰ আলগাপুৰৰ আদৰ্শ চিকিৎসালয়ৰ উদ্বোধন বাতিলক লৈ জাঙুৰ খাই উঠে বিধায়ক গৰাকী ৷

অগপ-বিজেপিক ক্ষুৰধাৰ সমালোচনা বিধায়ক নিজামউদ্দিনৰ

By

Published : Nov 5, 2019, 11:34 PM IST

হাইলাকান্দি, 5 নৱেম্বৰঃ অগপ-বিজেপিক তীব্ৰ সমালোচনা এ.আই.ইউ.ডি.এফৰ বিধায়ক নিজামউদ্দিন চৌধুৰীৰ ৷ হাইলাকান্দিৰ আলগাপুৰৰ আদৰ্শ চিকিৎসালয়ৰ উদ্বোধন বাতিলক লৈ জাঙুৰ খাই উঠে বিধায়ক গৰাকী ৷ অহা 6 নৱেম্বৰত উক্ত আদৰ্শ চিকিৎসালয়খন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ কথা আছিল আৰু ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছিল ৷ কিন্তু শেষ মুহূৰ্তত এই অনুষ্ঠান বাতিল কৰাত স্বাভাৱিকতে সমগ্ৰ অঞ্চলজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

অগপ-বিজেপিক ক্ষুৰধাৰ সমালোচনা বিধায়ক নিজামউদ্দিনৰ

প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেতা গৌতম ৰয় আৰু হাইলাকান্দি জিলাৰ অগপ সভাপতি আফতাবউদ্দিন লস্কৰে ষড়যন্ত্ৰ কৰি এই অনুষ্ঠান বাতিল কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়ক নিজামউদ্দিনে ৷ স্থানীয় ৰাইজে আদৰ্শ চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰাক লৈ স্থানীয় বিধায়কৰ ব্যৰ্থতা বুলি অভিহিত কৰে ৷

আৰু পঢ়কঃ শিয়ালৰ ফান্দত পৰিল বনৰজা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details