অসম

assam

ETV Bharat / state

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত ক্ষোভ প্ৰকাশ বিধায়ক কমলাক্ষৰ

বৃহস্পতিবাৰে এন আৰ চিত নাম নথকাৰ বাবে আত্মহত্যা কৰা হাইলাকান্দিৰ সাবিত্ৰী ৰয়ৰ ঘৰত গৈ পৰিস্থিতিৰ বুজ ল'লে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থয় । লগতে তেখেতে এন আৰ চিত বৃহৎ সংখ্যক ভাৰতীয় নাম বাদ পৰাৰ অভিযোগ তোলে ৷

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত ক্ষোভ প্ৰকাশ বিধায়ক কমলাক্ষয়ৰ

By

Published : Sep 6, 2019, 7:47 PM IST

এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কত ক্ষোভ প্ৰকাশ বিধায়ক কমলাক্ষয়ৰ

হাইলাকান্দি, 6 ছেপ্তেম্বৰঃ এন আৰ চিত নাম নথকাৰ বাবে আত্মহত্যা কৰা হাইলাকান্দিৰ সাবিত্ৰী ৰয়ৰ ঘৰত গৈ পৰিস্থিতিৰ বুজ ল'লে উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থয় । বৃহস্পতিবাৰে তেওঁ মৃত সাবিত্ৰী ৰয়ৰ পৰিয়ালৰ সদস্য সকলক লগ ধৰি সমবেদনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে । এন আৰ চিৰ কৰ্তৃপক্ষই নাগৰিকপঞ্জীৰ নীতি-নিৰ্দেশনা পালন নকৰাৰ অভিযোগ তুলি বিধায়কগৰাকীয়ে কয় যে, শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ, নাগৰিকত্বৰ নথি আদি জমা দিয়াৰ সত্ত্বেও বৈধ ভাৰতীয়ৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই বুলি তেওঁ অভিযোগ কৰে । তেনেস্থলত, ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সমগ্ৰ দেশৰ লগতে আকৌ ৰাজ্যত এন আৰ চি উন্নীতকৰণ কৰোৱাৰ দাবীক কটাক্ষ কৰি সঁচাকৈয়ে যদি এনে হয় তেনেহ'লে সাবিত্ৰী ৰয়ৰ দৰে আন বহুত মানুহে প্ৰাণ হেৰুৱাব লগীয়া হ'ব বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details