হাইলাকান্দি, 8 এপ্ৰিলঃ দেওবাৰৰ নিশাৰ ভাগত সশস্ত্ৰ ডকাইতে চলালে তাণ্ডৱ ৷ হাইলাকান্দি জিলাৰ মোহনপুৰত সংঘটিত হৈছে এই ঘটনা ৷ মোহনপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী কাইদূল হুছেইন লস্কৰৰ নিজা বাসগৃহত ডকাইতে চলায় লুটপাত ৷ নিশাৰ ভাগত ব্যৱসায়ীগৰাকীৰ বাসগৃহত সশস্ত্ৰ ডকাইতৰ দলে প্ৰৱেশ কৰি ব্যৱসায়ীগৰাকীৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰাৰ লগতে লুটি নিয়ে বহু সামগ্ৰী ৷
হাইলাকান্দিত গাড়ীসহ চল্লিশ লাখ টকা লুট - Hailakandi Police
দেওবাৰে নিশাৰ ভাগত জিলাখনৰ মোহনপুৰত সংঘটিত হয় এক ডকাইতিৰ ঘটনা ৷ সশস্ত্ৰ ডকাইতৰ দলে লুট কৰি নিয়ে সোণৰ অলংকাৰসহ চল্লিশ লাখ টকা আৰু এখন গাড়ী ৷
![হাইলাকান্দিত গাড়ীসহ চল্লিশ লাখ টকা লুট](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2935597-thumbnail-3x2-0i.jpg)
হাইলাকান্দিত ডকাইতি
হাইলাকান্দিত ডকাইতি
ব্যৱসায়ীগৰাকীৰ গৃহৰ পৰা ডকাইতে সোণৰ অলংকাৰসহ নগদ চল্লিশ লাখ টকা আৰু এখন বাহন লুট কৰি নিয়ে ৷ ঘটনা সন্দৰ্ভত ব্যৱসায়ীগৰাকীয়ে স্থানীয় আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷