হাইলাকান্দি,২৯জুন: হাইলাকান্দি জিলাৰ লালা শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয় । বিদ্যালয়ৰ নাম গুলাম ওয়াজিদ এম ভি স্কুল । এগৰাকীওঁ ছাত্ৰ-ছাত্ৰী নথকাৰ বাবে ২০১৬ চনতে ৰাজ্য সৰকাৰে বন্ধ কৰি দিছিলে বিদ্যালয়খন । কিন্তু এই বন্ধ বিদ্যালয়খনত ভুৱা তথ্যৰে ছাত্ৰৰ উপস্থিতি দেখুৱাই ২০১৯-২০ শিক্ষাবৰ্ষটোত মুকলি কৰা দিয়া হ'ল সংখ্যালঘু প্ৰি-মেট্ৰিক ছাত্ৰ বৃত্তিৰ ধন ।
এয়া মাথো এক উদাৰণহে । হাইলাকান্দি জিলাখনৰ অসংখ্য বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী থকাৰ ভুৱা তথ্যৰে এচাম দুষ্ট চক্ৰই বৃত্তিৰ ধন সৰাধ কৰি আহিছে । এনে ভুৱা তথ্যৰে ৫০ বছৰীয়া জব কাৰ্ডধাৰী ব্যক্তিৰ নামতো সংখ্যালঘু প্ৰি-মেট্ৰিক ছাত্ৰবৃত্তিৰ ধন মোকলোৱাৰ অভিযোগ পোৱা গৈছে ।
হাইলাকান্দিত ৫০ বছৰীয়া ব্যক্তিলৈ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত এনে এক বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতো নিৰব হৈ আছে হাইলাকান্দি জিলা প্ৰশাসন । কেলেংকাৰীৰ সকলো তথ্য প্ৰমাণেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংশ্লিষ্ট কতৃপক্ষক অৱগত কৰাৰ লগতে হাইলাকান্দি আৰক্ষীক অভিযোগ দিয়াৰ পাছতো আজি পৰ্যন্ত আৰক্ষীয়েও গ্ৰহণ ন'কৰিলে কোন পদক্ষেপ । হাইলাকান্দি আৰক্ষীয়ে কেলেংকাৰীটোৰ তদন্ত অতি মন্থৰ গতিত চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে ।
হাইলাকান্দিত ৫০ বছৰীয়া ব্যক্তিলৈ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন সংখ্যালঘু ছাত্ৰ বৃত্তিৰ এই কেলেংকৰীৰ প্ৰসংগত হাইলাকান্দি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছামছুদ্দিন বৰলস্কৰে জিলাখনৰ দুই বিধায়ক ক্ৰমে নিজাম উদ্দিন চৌধুৰী আৰু সুজাম উদ্দিন লস্কৰৰ লগতে সাংসদ কৃপানাথ মাল্লাও জড়িত থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।